Kaziranga Incident:
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে থকা কাজিৰঙাৰ আৰক্ষী অতিথিশালাত নিশা অঘটন ৷ মাজনিশা প্ৰায় ১ বজাত হঠাতে সংঘটিত গুলীচালনাত গুলীবৃদ্ধ গৃহৰক্ষী জোৱান । সংকটজনক অৱস্থাত নিশাই লোহিত গোহাঁই নামৰ গৃহৰক্ষী জোৱানক প্ৰেৰণ কৰা হয় ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতাললৈ ৷
উল্লেখ্য যে ৩০৩ ৰাইফলৰ গুলীৰ গৃহৰক্ষী জোৱানজন কি পৰিস্থিতিত গুলীবৃদ্ধ হ’ল এই সন্দৰ্ভত মুখ খোলাৰ পৰা বিৰত আছে কৰ্তৃপক্ষ ৷ অৱশ্যে আৰক্ষীৰ দাবী দুৰ্ঘটনাবশতঃ গুলী ফুটি আহত হয় গৃহৰক্ষী জোৱানজন ৷ প্ৰকৃত ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছে বুলি বিভিন্ন প্ৰশ্ন উদয় হৈছে ৷ ইতিমধ্যে এই ঘটনাই কাজিৰঙাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
