Zubeen Garg Murder Case Hearing:আজি অনুষ্ঠিত জুবিন হত্যা গোচৰৰ শুনানিত শ্যামকানুৰ বেংক একাউন্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ

পৰৱৰ্তী শুনানিৰ দিন ১৯ মার্চ ধার্য

WhatsApp Image 2026 03 02 at 12.26.18 PM

Zubeen Garg Murder Case Hearing:

হিয়াৰ আমঠু জুবিন গাৰ্গ হত্যা ঘটনাৰ সোমবাৰে অনুষ্ঠিত শুনানিত আদালতে শ্যামকানু মহন্তৰ বেংক একাউন্ট খুলি দিয়াৰ নিৰ্দেশ দিয়ে। আদালতত ঘটনাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ প্ৰশাসনে চীল কৰি ৰখা ফ্লেট নং III-১ খুলি দিয়াৰ সন্দৰ্ভত যুক্তি প্ৰদশৰ্ন কৰিছিল শৰ্মাৰ অধিবক্তাই ৷কিন্ত চৰকাৰী লোক অধিবক্তাৰ সৱল যুক্তিত আদালতে ৰায় সুৰক্ষিত ৰাখে ৷ উল্লেখ্য যে ইয়াৰ পূবৰ শুনানিত আদালতে সিদ্ধাৰ্থ শৰ্মাৰ চীল হৈ থকা একুৱা ফেক্টৰী খুলি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছিল আদালতে ৷

আজি কামৰূপ মহানগৰ জিলা সত্র ন্যায়াধীশ আদালতত অনুষ্ঠিত শুনানিত গৰিমা শইকীয়া গাৰ্গ উপস্থিত থাকে। শুনানিৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত লোক অধিবক্তাই কয় যে,জুবিন হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ১৯ মার্চ ধার্য কৰা হয় । ১৯ মার্চত গোচৰৰ চাৰ্জফ্ৰেম হোৱাৰ সম্ভাৱনা। চৰকাৰে নিৰ্দেশ দিলেই ফাষ্টট্রেক আদালতৰ বাবে সাজু বুলি মন্তব্য কৰে অধিবক্তা গৰাকীয়ে ৷

মনকৰিবলগীয়া যে জুবিন হত্যা গোচৰত কাৰাৰুদ্ধ সিদ্ধাৰ্থ শৰ্মাৰ একুৱা পানী ফেক্টৰী খুলি দিয়াৰ সমান্তৰালভাৱে সোমবাৰৰ শুনানিত শ্যামকানু মহন্তৰো বেংক একাউন্ট আদালতে খুলি দিয়াৰ নিৰ্দেশ দিয়াই এক বিশেষ তাৎপৰ্য বহন কৰিছে ৷

Exit mobile version