Drugs Seized in Khanapara:
মহানগৰীৰ খানাপাৰাত প্রায় ছয় কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হয়। এছটিএফ আৰু বশিষ্ঠ আৰক্ষী থানাৰ দলে এএছ-০১ জেচি-৬৪৫৮ স’তে নম্বৰৰ এখন মালবাহী ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা আটাইখিনি ড্রাগছেই নিষিদ্ধ য়াবা টেবলেট।
এই সন্দর্ভত ট্রাকখনত থকা চাৰিজন লোকক গ্ৰেপ্তাৰ আৰু কৰা হয়। ধৃত লোককেইজন হ’ল নবিৰ আলী, চাইফুল হক, কুটুবুদ্দিন শ্বেখ গালিক আৰু ৰবি বৰ্মন। আৰক্ষীৰ জেৰাত লোককেইজনে সদৰী কৰে যে আটাইখিনি টেবলেট মণিপুৰৰ পৰা অনা হৈছিল।
