TISS:
জালুকবাৰীস্থিত টাটা ইনস্টিটিউট অফ ছচিয়েল চাইন্সত বাথৰুমত গোপন কেমেৰা সংস্থাপন কৰা দুই প্ৰেমিক- প্ৰেমিকা অৱশেষত আৰক্ষীৰ জালত ৷ ধৃত দুই মাষ্টাৰ মাইণ্ডৰ নাম মৃদুপৱন বৰা আৰু অনুশ্রী শইকীয়া ৷
উল্লেখ্য যে মহানগৰীৰ জালুকবাৰীস্থিত ‘টাটা ইনস্টিটিউট অফ ছচিয়েল চাইন্স’ উচ্চ শিক্ষানুষ্ঠান খনৰ ছাত্রী নিবাসৰ স্নানাগাৰত উদ্ধাৰ হৈছিল গোপন কেমেৰা গোপন কেমেৰা ৷ চাবোনৰ পেকেটত সংস্থাপিত আছিল গোপন কেমেৰা । স্নানাগাৰত গোপন কেমেৰা উদ্ধাৰৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ছাত্রী নিবাসৰ আবাসীৰ মাজতে ৷ কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি আটক কৰিবলৈ সক্ষম হয় দুই মাষ্টাৰ মাইণ্ডক ৷
অৱশেষত এশ গৰু মাৰিলে বাঘৰো মৃত্যু লেখিয়াকৈ প্ৰেমিক- প্ৰেমিকা যুগল জালুকবাৰী আৰক্ষীৰ জালত পৰে ৷ দুয়োকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আদালতৰ জৰিয়তে নিজৰ জিন্মাত লয় ৷
