Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: এই ৰাশিৰ জাতক-জাতিকাই ফুৰা-চকাৰ ক্ষেত্ৰত সাৱধান থাকিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। বিদ্যার্থীসকলৰ বাবে ভাল। প্ৰেমত শুভ। শুভ ৰং ৰঙা। সংখ্যা ৮।
বৃষ: আজি যাত্রা নকৰাই ভাল। সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব। শিৱৰ আৰাধনা কৰিব আজি। প্রেমত শুভ। শুভ সংখ্যা ২।
মিথুন: ঘৰৰ বাহিৰত শনিৰ আসন বনাই তিল-তেলৰ প্ৰদীপ জ্বলাই শনিৰ আৰাধনা কৰিব। ব্যৱসায়ত ভাল, বিদ্যার্থীৰ বৰ ভাল দেখা নাযায়। শুভ ৰং নীলা। সংখ্যা ২।
কর্কট: আজি মনৰ ইচ্ছা পূৰ্ণ হোৱাৰ যোগ। প্রেমত শুভ। বিদ্যার্থীসকলে যত্ন কৰা উচিত। ব্যৱসায়ী আৰু অভিনেতা কাৰণে শুভ। শুভ ৰং নীলা। সংখ্যা ৮।
সিংহ: বিদ্যার্থীৰ কাৰণে শুভ। সামাজিক কামত ব্যস্ততা দেখা যায়। চাকৰি ক্ষেত্ৰত অশান্তি। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব পাৰিব। শুভ সংখ্যা, ৭ শুভ ৰং হালধীয়া।
কন্যা: খৰচৰ বৃদ্ধি। ব্যৱসায়ৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব। বিদ্যার্থীৰ কাৰণে শুভ। দিনটো মনোকষ্ট ভূগিব লাগিব। শুভ ৰং বগা। সংখ্যা ৮।
তুলা: বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। শুভ কর্ম কৰিলে ভাল ফল পাব। প্রেম-প্রণয়নত উন্নত। ভ্রমণত শুভ। শুভ ৰং সোণালী, সংখ্যা ৬।
বৃশ্চিক: সন্তান আৰু পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। চাকৰি ক্ষেত্রত আগবাঢ়িব পাৰে। দিনটো শুভ। শুভ ৰং আকাশী নীলা। সংখ্যা ৮।
ধনু: অনাদায়ী কিছু অর্থ আদায় হোৱাৰ যোগ দেখা যায়। বিভিন্ন ক্ষেত্রত সুযোগ আহিব। বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব। শুভ ৰং বগা। শুভ সংখ্যা ৭।
মকৰ: নীলা কাপোৰ পৰিধান কৰি ওঁ ঐ হ্রীংশ্রীং শনৈশ্বৰায় নমঃ এই মন্ত্র আঠ বাৰ জপ কৰিব, ঘৰৰ অতিথিৰ আগমন। শুভ ৰং সেউজীয়া। শুভসংখ্যা ২।
কুম্ভ: প্ৰেমত শুভ। দূৰ ভ্ৰমণ। যান-বাহনৰ পৰা সাৱধানে থাকিব। নতুন কৰ্মত হাত দিব পাৰিব দিনটো শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।
মীন: নিৰামিষ ব্রত পালন কৰিব। বিদ্যার্থীৰ ভাল, প্ৰেম আৰু দাম্পত্য ভালেই দেখা যায়। পিতৃৰ অসুখৰ চিন্তা। শুভ ৰং বগা। শুভ সংখ্যা ২।
