কাৰ্বি আংলঙত বিধ্বস্ত বায়ুসেনাৰ যুদ্ধবিমান Su-30MKI

প্ৰশিক্ষণ উৰণৰ সময়তে সংঘটিত দুৰ্ঘটনা

Su 30

Karbi Anglong:✒️কাৰ্বি আংলং(Karbi Anglong)জিলাত বৃহস্পতিবাৰে সন্ধিয়া ভাৰতীয় বায়ুসেনাৰ এখন যুদ্ধবিমান বিধ্বস্ত হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, Indian Air Force-ৰ এখন অত্যাধুনিক Sukhoi Su-30MKI যুদ্ধবিমান চোকিহোলা(Chokihola) অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়।

সূত্ৰ অনুসৰি, যুদ্ধবিমানখন যোৰহাটস্থিত বায়ুসেনা ঘাটিৰ পৰা নিয়মীয়া প্ৰশিক্ষণ উৰণত উৰা মাৰিছিল। কিন্তু উৰণৰ কিছু সময় পিছতেই বিমানখনৰ স’তে ৰাডাৰৰ সংযোগ হঠাৎ বিচ্ছিন্ন হৈ যায়। তাৰ পিছতেই বায়ুসেনাই জৰুৰী অনুসন্ধান অভিযান আৰম্ভ কৰে।

স্থানীয় লোকসকলৰ মতে, সন্ধিয়া সময়ত অঞ্চলটোত এক প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা যায়। তাৰ পিছতেই পাহাৰীয়া আৰু বনাঞ্চলীয় এলেকাত বিমানখন বিধ্বস্ত হোৱা সন্দেহ প্ৰকাশ কৰা হয়।

ঘটনাৰ পাছতেই বায়ুসেনা আৰু প্ৰশাসনৰ দল ঘটনাস্থললৈ ৰাওনা হৈছে আৰু অনুসন্ধান অভিযান অব্যাহত আছে।

ইফালে, দুৰ্ঘটনাৰ সঠিক কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে বুলি বায়ুসেনা সূত্ৰে জানিবলৈ দিয়ে। বিমানখনত থকা ক্ৰু সদস্যসকলৰ অৱস্থাৰ বিষয়ে এতিয়াও স্পষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই।

Exit mobile version