Madhya Pradesh:✒️মধ্যপ্ৰদেশৰ ডামোহ জিলাত সংঘটিত এক ভয়ংকৰ হত্যাকাণ্ডই সমগ্ৰ অঞ্চলত আতংক সৃষ্টি কৰিছে। অভিযোগ অনুসৰি এজন ব্যক্তিয়ে ১৬ বছৰীয়া এজন কিশোৰক হত্যা কৰাৰ পাছত তেওঁৰ ৰক্ত পান কৰাৰ লগতে মাংস খোৱাৰ চেষ্টা কৰে।
ঘটনাটো সংঘটিত হয় ডামোহ জিলাৰ সমন্না গাঁৱত। নিহত কিশোৰজনৰ নাম ভৰত বিশ্বকৰ্মা। আৰক্ষীৰ তথ্য অনুসৰি, ভৰত তেওঁৰ বায়েকৰ শহুৰেকৰ ঘৰত অনুষ্ঠিত এখন অনুষ্ঠানলৈ যাবলৈ ওলাইছিল।
সেই সময়তে গুড্ডা পটেল নামৰ এজন ব্যক্তিয়ে পিছফালৰ পৰা তেওঁক আক্ৰমণ কৰে।
প্ৰত্যক্ষদৰ্শীৰ দাবী অনুসৰি, অভিযুক্তজনে প্ৰথমে লোহাৰ ৰডেৰে কিশোৰজনৰ মূৰত আঘাত কৰে। সেই আঘাতত তেওঁ মাটিত পৰি যোৱাৰ পাছত হাতুৰীৰে একাধিক আঘাত কৰি হত্যা কৰা হয়।
ঘটনাটোৰ ভয়ংকৰ দিশ হ’ল, মৃত্যুৰ পাছত অভিযুক্তজনে কিশোৰজনৰ শৰীৰৰ পৰা ওলাই অহা ৰক্ত পান কৰাৰ লগতে মাংস কাটি খোৱাৰো চেষ্টা কৰে বুলি অভিযোগ উঠিছে।
তথ্য অনুসৰি,ঘটনাটো দিনদুপৰতে সংঘটিত হ’লেও ভয়ৰ বাবে গাঁওবাসীয়ে তৎক্ষণাৎ আগবাঢ়ি আহিব পৰা নাছিল। কিছুমানে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।
এই ভয়ংকৰ ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ কাৰণ অনুসন্ধানৰ বাবে তদন্ত আৰম্ভ কৰিছে।






























