Russian Oil:✒️বিশ্ব তেলবজাৰত বৃদ্ধি পোৱা অনিশ্চয়তাৰ মাজতে United States এ ভাৰতক ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত ৩০ দিনৰ অস্থায়ী ৰেহাই প্ৰদান কৰিছে। এই অনুমতি অনুসৰি, ইতিমধ্যে সমুদ্ৰত লোড হৈ থকা আৰু গন্তব্যত উপনীত নোহোৱা তেলবাহী জাহাজসমূহৰ পৰা তেল ক্ৰয় কৰিব পাৰিব ভাৰতে।
সূত্ৰ অনুসৰি, এই সিদ্ধান্ত মূলতঃ সেই সকলো তেল চালানৰ বাবে প্ৰযোজ্য যিবোৰ ইতিমধ্য ৰাছিয়া(Russia)ৰ পৰা সমুদ্ৰপথে ৰপ্তানি কৰা হৈছিল কিন্তু বিভিন্ন ভূ-ৰাজনৈতিক উত্তেজনা আৰু নিষেধাজ্ঞাৰ ফলত সমুদ্ৰতেই আবদ্ধ হৈ পৰিছিল। নতুনকৈ তেল ক্ৰয়ৰ ক্ষেত্ৰত অৱশ্যে এই ৰেহাই প্ৰযোজ্য নহ’ব বুলি স্পষ্ট কৰা হৈছে।
বিশেষজ্ঞসকলৰ মতে, পশ্চিম এশিয়াৰ সংঘাতৰ ফলত বিশ্ব তেল যোগান ব্যৱস্থাত চাপ বৃদ্ধি পাইছে। বিশেষকৈ হৰমুজ প্ৰণালী (Strait of Hormuz)অঞ্চলত অস্থিৰতাৰ বাবে বহু তেলবাহী টেংকাৰৰ চলাচল ব্যাহত হৈছে। বিশ্বৰ প্ৰায় ২০ শতাংশ কেঁচা তেল এই সমুদ্ৰপথে পৰিবহন কৰা হয়।
এই পৰিস্থিতিত ভাৰতৰ শক্তি সুৰক্ষা নিশ্চিত কৰাৰ লগতে বিশ্ববজাৰত তেলৰ যোগান স্বাভাৱিক ৰাখিবলৈ আমেৰিকাৰ এই ৩০ দিনীয়া ৰেহাই গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।






























