Gaurav Gogoi Pressmeet:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ থকা অৱস্থাত শাসক – বিৰোধীয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰাৰ মাজতে কংগ্ৰেছ আৰু বিজেপিৰ ৰাজ্যজুৰি আৰম্ভ কৰিছে যাত্ৰা।
আনহাতে দিছপুৰৰ মচনদৰ পৰা বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা ছয়দলীয় ঐক্য মঞ্চই ব্যাপক কুজকাৱাজ আৰম্ভ কৰি ইতিমধ্যে কংগ্ৰেছে অসম জাতীয় পৰিষদ,চিপিএম,APHLC ৰ স’তে আসন বুজাপৰা বিষয়টো সম্পূৰ্ণ কৰাৰ বিপৰীতে মঞ্চৰ আন এক শক্তিশালী দল অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলৰে আসন বুজাপৰাৰ ক্ষেত্ৰত দুখোজ আগুৱাই দুখোজ পিছুৱাই যোৱা লেখিয়া হৈ থকাত ক্ষুন্ন হৈ পৰিছে গগৈ ৷ গগৈ আনকি দুবাৰকৈ কংগ্ৰেছক ডেড লাইন বান্ধি দিয়াৰ পিছতো তেওঁ বিচৰা ধৰণে ১৫ খন আসন দিয়াত ইচ্ছুক নহয় কংগ্ৰেছ ৷ যাৰবাবে কাজিৰঙা অৰ্কিড উদ্যানত বাহৰ পাতি অখিল গগৈয়ে চ’ছিয়েল মেডিয়াত ইটোৰ পিচত মন্তব্য প্ৰকাশ কৰি ক্ষোভ উজাৰি আছে ৷ অৱশ্যে এইক্ষেত্ৰত কোনো সহাৰি দিয়াটো দূৰৰে কথা শুকুৰবাৰে গৌৰৱ গগৈ চাৰিদলৰ উমৈহতীয়া সংবাদমেল সম্বোধন কৰে গুৱাহাটীৰ বেলতলাৰ এখন হোটেলত ৷ আনকি সংবাদমেলৰ পূৰ্বে অনুষ্ঠিত চাহমেলত একেলগে চাহৰ চুমুক দিয়া দেখা গ’ল অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, চিপিএমৰ ৰাজ্যিক সাধাৰণ সম্পাদক সুপ্রকাশ তালুকদাৰ আৰু APHLC ৰ সভাপতি জন ইংতি কাথাৰক ৷ অৱশ্যে দেখা নগ’ল অখিল গগৈ সহ চিপিআই আৰু চিপিআই এম এলৰ প্ৰতিনিধিক ৷
আনহাতে চাহমেলৰ পিছত গৌৰৱ গগৈয়ে দুয়োকাষে লুৰীণজ্যোতি গগৈ, চিপিএমৰ সুপ্রকাশ তালুকদাৰ আৰু APHLC ৰ সভাপতি জন ইংতি কাথাৰক বহুৱাই সংবাদমেল সম্বোধন কৰি কয় যে ,আমি মূল্যবোধৰ ৰাজনীতিৰে বিজেপিৰ সাম্প্ৰদায়িকতাবাদক উৎখাতৰ বাবে ঐক্যবদ্ধ হৈছে ৷ ইতিমধ্যে আসন বুজাপৰাৰ ক্ষেত্ৰত আমি প্ৰায় ঐক্যমত পোষণ কৰিছো ৷ নিৰ্বাচনলৈ মাজত মাত্ৰ এমাহ থকা অৱস্থাত এই সময়খিনি আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ৷ আমাৰ পৰিসৰ সীমিত হৈ থকা নাই ৷ বৰং আৰু বৃদ্ধি পাব ৷ আনহাতে ৰাইজৰ দলৰে আসন বুজাপৰা কিমান দূৰ আগবাঢ়িছে বা আজি অখিল গগৈ অনুপস্থিতি কিয় বুলি সাংবাদিককে সোধা প্ৰশ্নোত্তৰত গগৈয়ে বিষয়টো এৰাই চলি কয়, আমাৰ আলোচনা অব্যাহত আছে ৷ আমাৰ মঞ্চৰ পৰিসৰ আৰু বাঢ়িব ৷ আমাৰ প্ৰচাৰাভিযানত অখিল গগৈৰ প্ৰয়োজন আছে ৷
ইপিনে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়,বিজেপিৰ দুমুখীয়া নীতি আৰু তুষ্টিকৰণ ৰাজনীতিৰ সমুচিত উত্তৰ দিব অসমৰ জণগনে ৷ আমি ঐক্যবদ্ধভাৱে ৰাইজক লৈ দিছপুৰৰ পৰা চিৰদিনৰ বাবে উৎখাত কৰিম বিজেপি মিত্ৰজোঁটক ৷






























