International runner Vinod Patgiri:
মন কৰিলেই চন বাকৰি মাটিতে ধন এই কথা সৰোগত এগৰাকী ব্যক্তিৰ মাৰাথান যাত্ৰা ৷ কোৱা হয় যদি মানুহৰ একাগ্ৰতা থাকে তেনেহল যিকোনো কাম কৰিবলৈ সম্ভৱ ৷ বয়স ৬৫ বছৰ । কিন্তু এতিয়াও আছে মনৰ দৃঢ়তা । যাৰ বাবে সমাজৰ কথা চিন্তা কৰি এই বয়সতো তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰাৰ প্ৰতিজ্ঞা কৰিছে । আমি আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ বিনোদ পাটগিৰিৰ কথা ক’ব বিচাৰিছোঁ । অসমৰ পশ্চিম প্ৰান্ত ধুবুৰীৰ পৰা পূব সীমান্ত শদিয়ালৈকে এক দীঘলীয়া মাৰাথন দৌৰেৰে সমাজলৈ বিশেষ বাৰ্তা দিব বিচাৰিছে পাটগিৰিয়ে ।
সমাজত বৰ্তমান গঢ়ি উঠা ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ প্ৰচলনৰ বিৰুদ্ধে সজাগতাৰ বাবে তেওঁ গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ । পাটগিৰিয়ে য’তেই যুৱপ্ৰজন্মক লগ পাইছে তাতেই এই মাদ্ৰক দ্ৰব্যৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি আহিছে ৷ বৰ্তমান সময়ত একাংশ যুৱপ্ৰজন্ম নিচা জাতীয় দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ সময়তে কিন্তু পাটগিৰিয়ে এই সজাগতামূলক মাৰাথান যাত্ৰা কৰি ৰাইজৰ দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে ৷ সঁচা অৰ্থত ক’বলৈ গ’লে এই ব্যতিক্ৰমী অভিযান কেৱল এক ক্ৰীড়া প্ৰদৰ্শনী নহয়, ই হৈছে এক সামাজিক দায়বদ্ধতাৰ যাত্ৰা ।
৬৫ বছৰ অতিক্ৰম কৰিলেও পাটগিৰিৰ উৎসাহ, সহনশীলতা আৰু মানসিক দৃঢ়তা আজিও একে ধৰণে অটল । ২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা যাত্ৰা আৰু পাঁচ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি আশাবাদী পাঠশালাৰ নিবাসী বিনোদ পাটগিৰি।






























