Sachin Tendulkar’s Son Arjun Tendulkar Just married:
বৃহস্পতিবাৰে জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে ক্ৰিকেটৰ ভগৱান শচীন তেন্ডুলকাৰৰ পুত্র অর্জুন তেন্ডুলকাৰে। মুম্বাইৰ এখন কে’বা তৰাযুক্ত বিলাসী হোটেলত সম্পূর্ণ মাৰাঠী ৰীতি-নীতিৰে অর্জুন আৰু ছানিয়া চান্দোগকৰ বিবাহ সম্পন্ন হয়।
যোৱা তিনি মাৰ্চৰ পৰাই বিবাহৰ বিভিন্ন ৰীতি-নীতি পালন কৰা হৈছিল। বৃহস্পতিবাৰে দুপৰীয়াৰে পৰা বিবাহৰ মূল নিয়মবোৰ আৰম্ভ হয়। সেই উপলক্ষে পুৱাৰে পৰা বিভিন্ন ক্ষেত্রত বিখ্যাত লোকৰ আগমন ঘটে বিবাহস্থলীলৈ। প্ৰখ্যাত ক্ৰিকেটাৰ মহেন্দ্র সিং ধোনি, সুনীল গাভাস্কাৰ, হৰভজন সিং, ৰাহুল দ্রাবিড়, বীৰেন্দ্র সেৱাগ, গৌতম গম্ভীৰ, জাহিৰ খান, অনিল কুম্বলে, ৰোহিত শর্মা, পৃথ্বী শ্ব’ আদি বর্তমানৰ তথা প্রাক্তন বহু ক্রিকেটাৰৰ উপৰি বলিউদৰ তাৰকা অমিতাভ বচ্চন, শাহৰুখ খান, আমিৰ খান, অভিষেক বচ্চন, ঐশ্বর্য ৰাই বচ্চন, মুকেশ আম্বানী, অনিল আম্বানী আদিয়ে বিবাহস্থলীৰ সৌষ্ঠব বৃদ্ধি কৰে।
উল্লেখ্য যে ভাৰতীয় দলৰ প্রশিক্ষক গম্ভীৰ বিবাহস্থলীত উপস্থিত থাকিলেও বৃহস্পতিবাৰে নিশা নিউজিলেণ্ডৰে ভাৰতৰ চেমি ফাইনেল খেল থকা বাবে বৰ্তমানৰ ভাৰতীয় দলৰ কোনো ক্রিকেটাৰ শচীন-পুত্রৰ বিয়াত উপস্থিত নাথাকিল।