Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: আকস্মিক কোনো অর্থ ক্ষতি হ’ব পাৰে। ব্যৱসায়ত শুভ যদিও সৰু-সুৰা কথা মতান্তৰ ঘটিব পাৰে। পাৰিবাৰিক শুভ। কর্মক্ষেত্রত আনৰ প্ৰিয়পাত্ৰ হ’ব পাৰিব। পঢ়া-শুনাত শুভ। প্রেমত সফলতা। শুভৰং কমলা। শুভ সংখ্যা ২।
বৃষ: কর্মক্ষেত্রত নতুন যোগাযোগ ঘটিব পাৰে। সৰু-সুৰা অসুখে বিব্রত কৰিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব। বিবাহত আকস্মিক বাধা আহিব। ব্যৱসায়ত সফলতা প্রবল। প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। শুভৰং মেৰুণ। শুভ সংখ্যা ১।
মিথুন: আর্থিকত চিন্তাৰ কাৰণ নাই। ব্যৱসায়-বাণিজ্যত পাব লগা ধন পোৱাৰ সম্ভাৱনা। পাৰিবাৰিক অশান্তি দূৰ হ’ব। কিন্তু যিকোনো সিদ্ধান্ত হঠাতে গ্রহণ নকৰিব। সন্তানৰ উন্নতিয়ে মনত আনন্দ। প্রেম-বিবাহ হ’ব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৪।
কৰ্কট: মনৰ অস্থিৰতাৰ বাবে কৰ্মত বাধাগ্রস্ত হ’ব পাৰে। আর্থিক ক্ষেত্রত যথেষ্ট শুভ যদিও অনাহকত অর্থ হানি হ’ব পাৰে। বন্ধু-বান্ধৱৰ দ্বাৰা ক্ষতিৰ আশংকা আছে। ব্যৱসায়ত মধ্যম। প্রেম-প্রীতিত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।
সিংহ: আজি পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে। ব্যৱসায়ত সফলতা ভবা মতে নাপাব। ঘৰুৱাত উন্নত পৰিৱেশ গঢ়িব। বিদ্যাত বেয়া নহ’ব। প্রেম-প্রণয়ত নতুন যোগাযোগ ঘটিব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ন।
কন্যা: কর্মক্ষেত্রত উন্নত ফল। দৃঢ়তা বৃদ্ধি পাব। কোনো সংবাদ বা সংযোগত চিন্তিত হ’লেও প্রতিকূল ক’ব নোৱাৰি। আর্থিকত বেয়া নহয়। নতুন কিবা পৰিকল্পনা থাকিলে আজি চিন্তা কৰক। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।
তুলা: যোৱা দিনৰ তুলনত আজি উন্নত। শৰীৰ সম্পৰ্কে অৱশ্যে সাধাৰণ চিন্তা থাকিব। উৎকণ্ঠাও থাকিব। আশা কৰা কোনো বিষয়ত সাধাৰণ প্রগতি। দাম্পত্যত মধ্যম। কর্মব্যস্ততা বৃদ্ধি। ভ্রমণ হ’ব পাৰে। শুভ ৰং মাটিয়া। শুভ সংখ্যা ১
বৃশ্চিক: আর্থিক সম্পৰ্কীয় দিশত বৰ নিশ্চিত নহয়। কোনো আপোন মানুহৰ যোগাযোগৰ লগত অন্যানৰো সংগলাভ ঘটিব পাৰে। ভ্ৰমণত শুভ ফল। প্রেমত প্ৰতাৰিত হ’ব পাৰে। শুভ ৰং সোণালী। শুভ সংখ্যা ৬।
ধনুঃ বন্ধু-বৰ্গৰ লগ পাব পাৰে। বা তেনে যোগাযোগৰ আশা আছে। শৰীৰ মনৰ ওপৰত আছুতীয়া অশুভ প্ৰভাৱ নাই। কন্যা সন্তানৰ সুকীর্তি দেখা যায়। শুভ ৰং বগা। শুভ সংখ্যা ২।
মকৰ: অনাৱশ্যক সমস্যাৰ মাজত পৰিবও পাৰে। গতিকে পূৰ্বৰ পৰাই তেনে বিয়ৰ পৰা সতৰ্ক হওক। বিদ্যাত জটিলতা কম। কর্মতৎপৰ হোৱাৰ যত্ন কৰক।
কুম্ভ: যৌথ ব্যৱসায়ৰ আৰ্থিক লেনদেন ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব। প্রতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যোগ দেখা যায়।
মীন: ব্যৱসায়ৰ ক্ষেত্ৰত শুভ ফল দেখা যায়। প্রিয়জনৰ বাবে ঘৰত বিবাদ হ’ব পাৰে। নতুন গৃহ নিৰ্মাণৰ সুযোগ দেখা যায়।
