UPSC Examination 2025 Result Announced:
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা ২০২৫ ৰ ফলাফল ঘোষণা কৰা হয় ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুজ অগ্নিহোত্ৰীয়ে শীৰ্ষ স্থান লাভ কৰাৰ বিপৰীতে অসমত তিনিজন শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয় ১৮৭ স্থানত অভিজ্ঞান খাউণ্ড, ৫৭০ স্থানত অভিজ্ঞান জ্যোতি বৰা আৰু ৭৭৭ স্থানত ভাস্বতা শইকীয়া ৷
উল্লেখ্য য়ে যোৰহাটৰ অভিজ্ঞান জ্যোতি বৰাই কোনো ধৰণৰ কোচিং লোলোৱাকৈ নিজৰ যোগ্যতাৰ বলত স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে অভিজ্ঞানৰ পৰিয়াল বৰ্গৰ লগতে যোৰহটীয়া ৰাইজ ৷
আনহাতে আজি ঘোষিত UPSC পৰীক্ষাৰ ফলাফলত দেশৰ ভিতৰত প্ৰথম স্থান লাভ কৰে অনুজ অগ্নিহোত্ৰীয়ে। তেওঁৰ উপৰি শীর্ষ ২০ গৰাকীৰ প্রার্থীৰ নামো প্রকাশ কৰা হৈছে৷ ৯৫৮ গৰাকী সফল প্ৰাৰ্থীৰ ভিতৰত ৩১৭ গৰাকী সাধাৰণ বিভাগৰ, ১০৪ গৰাকী ই ডব্লিউ এছ শাখাৰ, ৩৩০৬ গৰাকী অ’ বি চি শাখাৰ, ১৫৮ গৰাকী অনুসূচিত জাতিৰ শাখাৰ, আৰু ৭৩ গৰাকী এছ টি শাখাৰ।
অনুজৰ পিছত দ্বিতীয় স্থানত ৰাজেশ্বৰী সুৱে এম, আৰু তৃতীয় স্থানত একাঞ্চ ধুল। ইউ পি এছ চিৰ শীৰ্ষ দহৰ ভিতৰত ৰাঘৱ ঝুনঝুনৱালাই চতুৰ্থ স্থান দখল কৰাৰ বিপৰীতে পঞ্চম স্থানত আছে ঈশান ভাটনগৰ।
শীৰ্ষ স্থান প্ৰাপ্ত ১০ কৃতী শিক্ষাৰ্থী হ’ল:
১/ অনুজ অগ্নিহোত্ৰী
২) ৰাজেশ্বৰী সুৱে এম
৩/ একাংশ ধুল
৪) ৰাঘৱ ঝুনঝুনৱালা
৫) ঈশান ভাটনগৰ
৬/ জিনিয়া অৰোৰা
৭) এ আৰ ৰাজা মহৈদিন
৮) প্ৰকাশ সম্পাদক
৯) আস্থ জৈন
১০) উজ্জ্বল প্ৰিয়ংক
শীৰ্ষ দহৰ বাহিৰেও যোগ্যতা অৰ্জন কৰা আন প্ৰাৰ্থীৰ ভিতৰত ১১ নম্বৰ স্থানত যশস্বী ৰাজবৰ্ধন, ১২ নং স্থানত অক্ষিত ভৰদ্বাজ, ১৩ নং স্থানত অনন্য শৰ্মা, ১৫ নং স্থানত সীমৰাদ্বীপ কৌৰ, ১৬ নং স্থানত মনিকা শ্ৰীবাস্তৱ, ১৭ নং স্থানত চিতৱান জৈন, ১৮ নং স্থানত শ্ৰুতি আৰ, ১৯ নং স্থানত নিছাৰ দিশান্ত অমৃতলাল, আৰু ৰবি ৰাজে ১৯ নং স্থানত আছে ২০ নং স্থানত।
উল্লেখ্য যে ২০২৫ চনৰ আগষ্ট মাহত অনুষ্ঠিত হৈছিল ইউ পি এছ চি ২০২৫ৰ লিখিত মূল পৰীক্ষা। আনহাতে চলিতবৰ্ষৰ ফেব্ৰুৱাৰী মাহত সফল পৰীক্ষাৰ্থীৰ বাবে সাক্ষাৎকাৰ সম্পন্ন হোৱাৰ পিছত আজি চূড়ান্ত ফলাফল ঘোষণা কৰা হয়।






























