Wild Elephant attack in Tinsukia:✒️খাদ্যৰ সন্ধানত জণ অৰণ্যলৈ ঢাপলি মেলা বন্যহস্তীৰ তাণ্ডৱ দিনক দিনে বৃদ্ধি পাইছে তিনিচুকীয়াত ৷ শুকুৰবাৰে পেঙেৰীত নিশা সংঘটিত হয় গক শোকাৱহ ঘটনা ৷ বন্যহস্তীৰ গছকত একেলগে প্ৰাণ গ’ল মাতৃ- পুত্ৰৰ ৷নিশা ব্রহ্মাজান চাহ বাগিচাত হাতীৰ আক্ৰমণত শোৱাপাটীতে প্ৰাণ গ’ল বুধন ৰাউটিয়া (৫০) আৰু অনিতা ৰাউটিয়া (৭০)ৰ ৷
ADVERTISEMENT
নিশা সংঘটিত এই কৰুণ ঘটনাৰ পিছতেই ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হয় ৷ আৰক্ষীয়ে মাতৃ- পুত্ৰৰ নিথৰ দেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে ৷ মাতৃ- পুত্ৰৰ আকস্মিক মৃত্যুত শোকাহত হৈ পৰে সমগ্ৰ ব্রহ্মাজান চাহ বাগিচা অঞ্চল ৷






























