Guripur:
গৌৰীপুৰ আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে কঠোৰস্থিতি লৈ থকাৰ মাজতে টোপপাৰাত আঠানি আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই ছজন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত জুৱাৰী কেইজন হ’ল আবু সামা, ৰফিকুল ইছলাম,ৰহিম উদ্দিন, আলা উদ্দিন আৰু লাল চান সহৰ আলী ৷ আৰক্ষীয়ে জুৱাত ব্যৱহ্ত সামগ্ৰীও জব্দ কৰে I
ADVERTISEMENT
উল্লেখ্য যে আটকাধীন জুৱাৰী কেইজনৰ নেতৃত্বত দীৰ্ঘদিন ধৰি আঠানি অঞ্চলত ৰমৰমীয়া জুৱা অব্যাহত আছিল ৷



































