Indian Citizenships:
কা’ৰ জৰিয়তে পুনৰ ভাৰতীয় নাগৰিকত্ব লাভ কাছাৰৰ এগৰাকী মহিলাৰ ৷ কাছাৰৰ দীপালি দাস নামৰ মহিলা গৰাকীক ২০১৯ত বিদেশী ঘোষণা কৰিছিল বিদেশী ন্যায়াধীকৰণ আদালতে ৷ যাৰ পৰিপ্ৰেক্ষিতত দুবছৰৰ আছিল ডিটেনশ্যন কেম্পত l অৱশ্যে পিছত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত মুকলি আকাশৰ তললৈ আহে দুৰ্ভগীয়া মহিলা গৰাকী ৷
উল্লেখ্য যে,বাংলাদেশত হিন্দু সংখ্যালঘুৰ ওপৰত অব্যাহত থকা নিৰ্যাতনৰ বাবে ১৯৮৮ত বাংলাদেশৰ পৰা পৰিয়ালসহ মহিলা গৰাকী প্ৰৱেশ কৰিছিল ভাৰতত ৷ ভাৰতত থকা ৷ এনেদৰে ভাৰতত থকা অৱস্থাত মহিলা গৰাকীক বিদেশী ঘোষণা কৰিছিল বিদেশী ন্যায়াধীকৰণে ৷ অৱশেষত দুবছৰ ডিটেনশ্যন কেম্পত থাকিয়ে কা’আইনৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে দীপালি দাসে ৷






























