Karan Johar:✒️যিকোনো মন্তব্য দিয়াত কপটতা নাথাকে কৰণ জোহৰৰ। প্রযোজক-পৰিচালকজনে স্পষ্ট কথা ক’বলৈ কেতিয়াও দ্বিধা নকৰে। সেই কৰণ জোহৰেই এইবাৰ মুখ খুলিলে নতুন প্ৰজন্মৰ অভিনেতা-অভিনেত্রীসকলৰ প্ৰসংগত। এই প্রসংগতে তেওঁ কয়, ‘এই প্রজন্ম অসৎ।সকলো সময়তে নিৰাপত্তাহীনতাত ভোগে।’
কৰণে অৱশ্যে কাৰো নাম উল্লেখ কৰা নাই। তেওঁ পোনপটীয়াকৈ অভিযুক্ত কৰিছে এই প্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীসকলক। কৰণ জোহৰৰ বলিউদত ৩১ বছৰৰ অভিজ্ঞতা। নিজস্ব প্রযোজনা সংস্থাও আছে। বহু তাৰকাই তেওঁৰ ছবিত অভিনয় কৰিয়েই কেৰিয়াৰ আৰম্ভ কৰিছে, খ্যাতি অর্জন কৰিছে।
শ্বাহৰুখ খান, বাণী মুখার্জী, কাজল, আলিয়া ভাট, বৰুণ ধৱন, সিদ্ধার্থ মালহোত্রাসহ অনেকেই তেওঁৰ প্রযোজনা সংস্থাৰ পৰিচিত মুখ। ছাৰা আলী খান, ছানায়া কাপুৰ, বোহিত ছৰফৰ দৰে একাধিক নতুন অভিনেতা-অভিনেত্রী কৰণ জোহৰৰ সংস্থাৰ স’তে চুক্তিবদ্ধ।
নতুন অভিনেতাৰ মাজৰ পৰা প্ৰতিভাৰ সন্ধান, তেওঁলোকক পর্দাত তুলি ধৰা আদি কামবোৰ কৰণে দীর্ঘদিনৰ পৰাই কৰি আহিছে। এই ধৰণৰ কাম কিমান উপভোগ্য? এই কথা মজানিৰ বিচৰাতে পৰিচালকজনে নিজৰ ক্ষোভ উজাৰি দিলে।
তেওঁ কয়, ‘এই প্ৰজন্মৰ অভিনেতাসকলৰ ধৈৰ্য নাই,স্থিৰতাও নাই। মই তেওঁলোকৰ পাছত দুটা বছৰ খৰচ কৰিবলৈ ৰাজি; কিন্তু তেওঁলোক নহয়। য’লৈ যায়, তাতো কিছুদিনৰ ভিতৰতে মোহভংগ হয়। তেতিয়া তেওঁলোকে পুৰণি ঠাইলৈ ঘূৰি আহিব বিচাৰে।’ কৰণে লগতে কয় যে চিনেমাৰ ব্যৱসায়ৰ স’তে যুক্ত ৯০ শতাংশই অহংকাৰী, নিৰাপত্তাহীনতাত ভোগে। এইসকলক চম্ভালাটো সহজ কথা নহয়।






























