দিনটোৰ ৰাশিফল

daily horoscope 1024x576 1

Horoscope:✒️মেষ: শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৩। হাতলৈ টকা-পইচা আহিব। পুৰণা কেচ মোকদমাত জয় হ’ব। আনৰ পৰা পোৱা সহায়ে উৎসাহিত কৰিব। আজিৰ দিনটোত কৰা ভাল চিন্তাই আপোনাৰ জীৱন সলনি কৰিব পাৰে। প্ৰতিকাৰ- মন্দিৰৰ ওচৰত থকা ভিক্ষাৰী এজনক ক’লা বস্তু দান কৰিব।

বৃষ: শুভ ৰং বগা। শুভ সংখ্যা ৭। বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে। পুৰণা ৰোগত ভোগা সকলে কষ্ট পাব পাৰে। সন্তানে কৰা ভাল কামৰ বাবে আনন্দ পাব। ব্যৱসায়ত সুফল পাবলৈ কষ্ট কৰিব লাগিব। প্ৰতিকাৰ- ৰঙা সূতা মেৰাই বান্ধিব আৰু ধূপ-চাকি জুলাই প্রণাম কৰিব।

মিথুন: শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪। আজি আপোনাৰ বাবে আনন্দ পূর্ণ দিন। ঘৰলৈ মূল্যবান সম্পত্তি আহিব পাৰে। সন্তানে কৰা ভাল কামৰ বাবে সন্মান লাভ কৰিব। হাতলৈ টকা-পইচা আহিব। সময়ৰ কাম সময়ত নকৰা বাবে আর্থিক ক্ষতি হ’ব পাৰে। প্ৰতিকাৰ ঘৰলৈ অহা ভিক্ষাৰী এজনক জলপান খুৱাব।

কর্কট: শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৯। অনাবশ্যক খঙৰ বাবে আর্থিক ক্ষতি হোৱাৰ ভয়। সহায় কৰি প্ৰতিদান নল’ব। কর্মত বাধা দেখা যায়। ব্যৱসায়ত শুভ। প্ৰতিকাৰ- বেল গছৰ গুৰিত চাকি জ্বলাব।

সিংহ: শুভ ৰং বগা। শুভ সংখ্যা-৫। পৰিয়ালৰ ব্যক্তিৰ লগত মনোমালিন্য হোৱাৰ ভয়। চাকৰিৰ স্থান পৰিৱৰ্তন হ’ব পাৰে। ব্যৱসায়ত মধ্যম ফল পাব। হাত-ভৰিত আঘাত পাব পাৰে। আনৰ পৰা আৰ্থিক সহায় পাব। প্ৰতিকাৰ- মন্দিৰত ধূপ-চাকি জ্বলাব।

কন্যা: শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬। চাকৰিয়ালৰ পদোন্নতি হোৱাৰ আশা আছে। নতুন ব্যৱসায়ৰ সন্ধান পাব পাৰে। সন্তানৰ অপকৰ্মৰ বাবে সন্মান হানি হোৱাৰ ভয়। প্ৰতিকাৰ-পুৱা গা ধুই আহি হনুমান চালিচা পাঠ কৰিব।

তুলা: শুভ ৰং নীলা। শুভ সংখ্যা ৩। আজি আপোনাৰ হাতেৰে শুভ কামৰ আৰম্ভ হ’ব পাৰে। শৰীৰ অসুস্থ হোৱাৰ ভয়। সন্তানৰ ভাল কামে আনন্দ দিব। প্ৰতিকাৰ- পুৱা গা ধুই সূর্যলৈ চাই জল অর্পণ কৰি প্ৰণাম কৰিব।

বৃশ্চিক: শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৮। প্রাকৃতিক দুর্যোগত ক্ষতি হোৱাৰ আশংকা আছে। হাতৰ পৰা মূল্যবান বস্তু হেৰাব পাৰে। সমন্ধীয় ব্যক্তিৰ দুখৰ খবৰ শুনিব পাৰে। প্ৰতিকাৰ-শিৱ মন্দিৰত ধূপ-চাকি জুলাব।

ধনুঃ শুভ ৰং গোলপীয়া। শুভ সংখ্যা ৫। ঘৰলৈ মূল্যবান সম্পত্তি আহিব।যিকোনো কামৰ সুফল লাভ কৰিব। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে।। সন্তানৰ ভাল কামে মনত আনন্দ দিব। প্রতিকাৰ পুৱা গা ধুই তুলসী গছত পানী ঢালিব।

মকৰ: শুভ ৰং গেৰুৱ। শুভ সংখ্যা ৯। ব্যৱসায়ত লাভ কৰিব পাৰিব। চাকৰিৰ বাবে চেষ্টা কৰা সকলে ভাল খবৰ পাব। শিক্ষাৰ্থীৰ বাধা আহিব পাৰে। প্ৰতিকাৰ-কপালত বগা চন্দনৰ ফোট ল’ব।

কুম্ভ: শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ২। আর্থিক সমস্যাৰ বাবে ক্ষতি হোৱাৰ ভয়। ব্যৱসায়ীসকলে টকা-পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব। বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয়। চাকৰিৰ স্থানৰ পৰিৱৰ্তন হ’ব পাৰে। প্ৰতিকাৰ- শিৱ মন্দিৰৰ ওচৰত থকা ভিক্ষাৰী এজনক খোৱা বস্তু দান কৰিব।

মীন: শুভ ৰং বগা। শুভ সংখ্যা ৮। বিদ্যার্থীসকলৰ বাবে শুভ দিন। নিজৰ ভুলৰ বাবে টকা-পইচাৰ হাবি হ’ব পাৰে। চাকৰি প্ৰত্যাযিসকলৰ ভাল খবৰ আহিব পাৰে। সন্তানৰ শুভ। প্ৰতিকাৰ-গা ধুই সূৰ্যক প্ৰণাম কৰি জল অর্পণ কৰিব।

Exit mobile version