New Delhi:✒️নতুন দিল্লীত (New Delhi) মার্চ মাহৰ আৰম্ভণিতে অস্বাভাৱিক গৰম অনুভৱ কৰা হৈছে। শনিবাৰে ৰাজধানীখনত সৰ্বোচ্চ তাপমাত্ৰা ৩৫ ডিগ্ৰী ছেলছিয়াছ অতিক্ৰম কৰাৰ ফলত নগৰবাসী আগতীয়াকৈ গ্ৰীষ্মৰ তীব্ৰতা অনুভৱ কৰিবলৈ বাধ্য হৈছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, দিল্লীত সৰ্বোচ্চ তাপমাত্ৰা প্ৰায় ৩৫.৭ ডিগ্ৰী ছেলছিয়াছলৈ বৃদ্ধি পায়, যি এই সময়ৰ স্বাভাৱিক গড় তাপমাত্ৰাৰ তুলনাত প্ৰায় ৬–৭ ডিগ্ৰী অধিক।
বিশেষজ্ঞসকলৰ মতে, বিগত প্ৰায় ১৫ বছৰৰ ভিতৰত মার্চৰ প্ৰথম সপ্তাহতেই ইমান উচ্চ তাপমাত্ৰা দেখা পোৱা ঘটনাটো অতি বিৰল।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগ India Meteorological Department(IMD)-ৰ বিশেষজ্ঞসকলৰ মতে, আকাশ পৰিষ্কাৰ থকা আৰু উত্তৰ ভাৰতত এতিয়ালৈ উল্লেখযোগ্য পশ্চিমী বিকাৰ (Western Disturbance) সক্ৰিয় নোহোৱাৰ বাবেই তাপমাত্ৰা দ্রুত বৃদ্ধি পাইছে। ফলত দিল্লী আৰু আশপাশৰ অঞ্চলত শুকান আৰু গৰম বতাহ অব্যাহত আছে।
বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি, আগন্তুক কেইদিনমানত তাপমাত্ৰা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। পৰিস্থিতি একে ধৰণে থাকিলে দিল্লীত পাৰদ ৩৬–৩৭ ডিগ্ৰী ছেলছিয়াছলৈও বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।
বিশেষজ্ঞসকলৰ মতে, মার্চৰ আৰম্ভণিতেই ইমান গৰম অনুভৱ কৰাটো উত্তৰ ভাৰতত আগতীয়াকৈ গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ স্পষ্ট সংকেত। এই পৰিস্থিতিয়ে আগন্তুক মাহসমূহত অধিক তীব্ৰ গৰমৰ সম্ভাৱনাও সূচাইছে।






























