ভাৰতীয় জীৱন বীমা নিগম চমুকৈ এলআইচিয়ে পলিচী ধাৰক আৰু এজেন্টসকলৰ বাবে এক বিশেষ ক্রেডিট কার্ডৰ সুবিধা দি আহিছে। যদি এজন ব্যক্তিয়ে এলআইচিৰ কোনো আঁচনিত বিনিয়োগ কৰিছে, তেন্তে তেওঁ ঘৰত বহিয়েই এলআইচিৰ এই ক্রেডিট কার্ডৰ বাবে আবেদন কৰিব পাৰে।
এই সেৱাৰ আওতাত পলিচীধাৰক আৰু এজেন্টসকলক লুমিন কার্ড আৰু ইক্লেট ক্রেডিট কার্ডৰ সুবিধা আগবঢ়াই থকা হৈছে। বর্তমানে কেৱল এজেন্ট আৰু আঁচনি ধাৰকসকলকহে এই সুবিধা প্রদান কৰা হৈছে যদিও অচিৰেই এই কার্ড সাধাৰণ ৰাইজৰ বাবেও উপলব্ধ হ’ব বুলি জনাইছে সংস্থাটোৱে।
কেনেদৰে আবেদন কৰিব?
১৮-৭০ বছৰৰ ভিতৰৰ এলআইচিৰ যিকোনো পলিচী ধাৰকে সহজে এই কার্ডখন প্রাপ্ত কৰিব পাবে। ইচ্ছুক ব্যক্তিয়ে যদি আইডিবিআই বেংকত এনে ক্রেডিট কার্ড তৈয়াৰ কৰিব বিচাৰে, তেন্তে তেওঁ উক্ত বেংকৰ যিকোনো শাখালৈ গৈ আবেদন কৰিব লাগিব। তদুপৰি এক্সিছ বেংকেও এনে প্লেটিনাম কার্ড জাৰি কৰে।
কি কি নথি-পত্ৰৰ প্ৰয়োজন?
পেন কার্ড
ৰঙীন ফটো দৰমহাৰ শেহতীয়া শ্লিপ বেংক বিবৃতি আয়কৰ ৰিটাৰ্ণ বা আইটিআৰৰ জেৰক্স কপি
পাছপোর্ট
ভোটাৰ আইডি
আধাৰ কাৰ্ড
লাভালাভ কি কি?
যদি এলআইচি ক্রেডিট কার্ড থকা ব্যক্তি এজনে পেট্র’ল পাম্পৰ পৰা গাড়ীত তেল ভর্তি কৰে, পাম্পবোৰে এক শতাংশ ইন্ধন কৰ ৰেহাই প্ৰদান কৰে। এই ৰেহাই ন্যূনতম ৪০০ ৰ পৰা সৰ্বাধিক ৪,০০০ টকাৰ লেন-দেনৰ বাবে উপলব্ধ।
ইএমআই ৰূপান্তৰ
এলআইচি ক্রেডিট কার্ড ধাৰকসকলে এই কার্ড ব্যৱহাৰ কৰি যিকোনো বস্তু ক্রয় কৰিব পাৰে আৰু সেই টকা ইএমআই লৈ ৰূপান্তৰো কৰিব পাৰে। অৱশ্যে এই ক্ষেত্রত, উপভোক্তাজনে ২,৫০০ টকাৰ ওপৰত সামগ্রী ক্ৰয় কৰিব লাগিব। লগতে সামগ্রীটো ক্রয় কৰাৰ ২০ দিনৰ ভিতৰতহে এইদৰে ইএমআই ৰূপান্তৰৰ সুবিধা পাব। এই ক্ষেত্রত, ইএমআই ৰ সুতৰ হাৰ হৈছে ০%। অর্থাৎ সুতৰ নামত অতিৰিক্ত খৰচৰ চিন্তা নাথাকে ইয়াত।
বেলেন্স স্থানান্তৰ
যদি আন বেংকৰ ক্রেডিট কার্ডৰ বকেয়া পৰিমাণ এলআইচিৰ এই ক্রেডিট কার্ডলৈ স্থানান্তৰ কৰিব বিচাৰে, তেনেহ’লে এনে কৰাও সম্ভৱ। এই ক্ষেত্ৰত অৱশ্যে, সুতৰ পৰিমাণ যথেষ্ট কম।
বীমা আৱৰণ
এলআইচি ক্রেডিট কার্ডত বীমা আৱৰণৰো সুবিধা লাভ কৰিব পৰা যায়। এই কার্ড ধাৰকে তিনি লাখ টকাৰ ব্যক্তিগত দুর্ঘটনা আৱৰণ আৰু এক কোটি টকাৰ দুর্ঘটনাজনিত বীমা লাভ কৰে।































