Saraighat New Bridge:
মহানগৰীৰ নতুন শৰাইঘাট সেতুত অঘটন ৷ ব্ৰহ্মপুত্ৰত মৰণজাঁপ প্ৰেমিক-প্ৰেমিকাৰ । জালুকবাৰী দিশৰ পৰা অহা এহাল যুৱক- যুৱতীয়ে নতুন শৰাইঘাট দলঙৰ ১১আৰু ১২ নং খুঁটাৰ মাজৰ ৰেলিঙত অৱস্থান কৰে ৷ হঠাতে যুৱতী গৰাকীয়ে ব্ৰহ্মপুত্ৰত জাঁপ দিয়ে ৷ লগে লগে প্ৰেমিকৰো ব্ৰহ্মপুত্ৰত জাঁপ ৷ সেই সময়ত দলঙ খনৰ ওপৰেৰে অহা যোৱা কৰা যান-বাহনৰ একাংশ লোকে ৰৈ হুৱাদুৱা লগাই ৷ ইয়াৰ পিছত ঘটনাস্থলীত জালুকবাৰী আৰক্ষী আৰু এছডিআৰএফৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ ব্ৰহ্মপুত্ৰত অভিযান চলাই যদিও এইপর্যন্ত উদ্ধাৰ হোৱা নাই দুই যুৱক-যুৱতী হাল ৷ একেদৰে তেওঁলোকৰ পৰিচয় জানিব পৰা হোৱা নাই ৷
ADVERTISEMENT































