Iran Israel Conflict:✒️ইৰানক কেন্দ্র কৰি আৰম্ভ হোৱা যুদ্ধৰ বাবে অসমতো বন্ধন গেছৰ চিলিণ্ডাৰক লৈ সৃষ্টি হৈছে নাটনি। কেন্দ্রীয় চৰকাৰৰ পেট্র’লিয়াম মন্ত্রণালয়ে গ্রহণ কৰা তাৎক্ষণিক সিদ্ধান্তৰ পৰিণতিত দেশৰ কে’বাখনো ৰাজ্যৰ দৰে অসমতো বন্ধ হোৱাটো নিশ্চিত হৈছে হোটেল, ধাবা, ৰেস্তোৰাঁ আদি।
ইয়াৰ বিপৰীতে ঘৰুৱা বন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱা নাই বুলি তৈল প্রতিষ্ঠানসমূহে আজি দাবী কৰে। সেই বুলি ঘৰুৱা বন্ধন গেছৰ চিলিণ্ডাৰ বিচাৰিলেই নাপাব অসমৰ গ্রাহকে। এটা চিলিণ্ডাৰ সংগ্ৰহ কৰাৰ ন্যূনতম ২৫ দিন হ’লেহে পৰৱৰ্তী চিলিণ্ডাৰটোৰ বাবে বুকিং কৰিব পাৰিব। ভাৰতীয় তেল নিগমৰ ‘কমাচিয়েল কমিউনিটিকেটৰ’ অন্বেষা শইকীয়াই জনায় যে কেন্দ্রীয় চৰকাৰে বাণিজ্যিক চিলিণ্ডাৰৰ উৎপাদন সদ্যহতে বন্ধ ৰাখিছে। কেৱল জৰুৰী প্রয়োজনতহে এনে চিলিণ্ডাৰ যোগান ধৰা হ’ব।
তেওঁ কয়, ‘এনে চিলিণ্ডাৰ যিখিনি জমা আছে, সেইখিনি চিকিৎসালয়, শিক্ষানুষ্ঠানক আদিক অগ্রাধিকাৰ ভিত্তিত দিয়া হ’ব। হোটেল-ৰেস্তোৰাৰ ক্ষেত্ৰতো অগ্রাধিকাৰ নীতি গ্রহণ কৰা হৈছে; কিন্তু ঘৰুৱা চিলিণ্ডাৰৰ নাটনি হোৱা নাই।’
শইকীয়াই কয় যে উত্তৰ-পূৰ্বাঞ্চলত এটা ব্যক্তিগত খণ্ডকে ধৰি মুঠ নটা বটলিং ফেক্টৰী আছে। তাত ১৪.২ কিলোগ্রামৰ চিলিণ্ডাৰৰ বটলিং অব্যাহত আছে। গতিকে চিলিণ্ডাৰৰ অভাৱক লৈ ৰাইজে আতংকিত হোৱাৰ প্ৰয়োজন নাই। অৱশ্যে এটা নিয়ম কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিছে। সেই অনুসৰি, এটা চিলিণ্ডাৰ ক্ৰয়ৰ ২৫ দিন পাছতহে দ্বিতীয়টো বুকিং কৰিব পাৰিব।
অৱশ্যে তেল নিগমৰ স্পষ্টীকৰণৰ বিপৰীতে সাধাৰণ ৰাইজৰ মাজত চিলিণ্ডাৰ নাটনিক লৈ গভীৰ আশংকা বিয়পি পৰিছে। সেই কাৰণে যেনে-তেনে এটা চিলিণ্ডাৰ আগতীয়াকৈ সংগ্ৰহ কৰিবলৈ গ্ৰাহকৰ মাজত ইতিমধ্যে হেতা-ওপৰা লাগিছে; কিন্তু চৰকাৰে বুকিঙৰ সময়সীমা পূৰ্বৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি কৰাৰ ফলত গ্ৰাহকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।
অনলাইন বুকিং ব্যৱস্থাৰ ফলত গ্রাহকে গেছৰ এজেন্সীলৈ যোৱা বাদেই দিছে। সেইসকল গ্রাহকেই এতিয়া এজেন্সীলৈ গৈ নিজৰ বাবে এটা চিলিণ্ডাৰ যেনে-তেনে সংগ্ৰহ কৰিবলৈ আপ্রাণ চেষ্টা অব্যাহত ৰাখিছে। এজেন্সীবোৰে ঘৰুৱা গ্রাহকক আতংকিত নহ’বৰ বাবে বুজাবলৈ চেষ্টা কৰিলেও বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত উত্তৰ দিয়াত ব্যর্থ হৈছে।
বাণিজ্যিক চিলিণ্ডাৰৰ যোগান বন্ধ হোৱাৰ ফলত স্বাভাৱিকতে অসমতো হোটেল-ৰেস্তোৰাঁ আদি যিকোনো মুহূর্তত বন্ধ হৈ পৰাটো প্রায় নিশ্চিত হৈছে।






























