US-Iran War:✒️পশ্চিম এছিয়াত বৃদ্ধি পোৱা যুদ্ধ উত্তেজনাৰ মাজতে আৱদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলক উভতাই আনিবলৈ বিশেষ পদক্ষেপ ল’লে এয়াৰ ইণ্ডিয়া (Air India) আৰু ইণ্ডিগ (IndiGo)।
অঞ্চলটোত বিমান চলাচল ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত দুয়োটা বিমান সংস্থাই বিশেষ ফ্লাইট চলোৱাৰ সিদ্ধান্ত লৈছে।
তথ্য অনুসৰি, গালফ অঞ্চলৰ বিভিন্ন চহৰত আৱদ্ধ যাত্ৰী আৰু ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে দেশলৈ উভতাই অনাৰ লক্ষ্যৰে এই বিশেষ বিমানসমূহ চলোৱা হ’ব। যুদ্ধ উত্তেজনাৰ বাবে বহু আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল বা পথ পৰিবর্তন কৰা হৈছিল, যাৰ ফলত বহু যাত্ৰী সমস্যাত পৰিছিল।
বিমান সংস্থাসমূহে জনাইছে যে পৰিস্থিতি অনুসৰি গালফৰ কেবাটাও গুৰুত্বপূৰ্ণ চহৰৰ স’তে ভাৰতৰ বিভিন্ন মহানগৰৰ মাজত এই বিশেষ বিমান চলোৱা হ’ব। যাত্ৰীসকলক আগতীয়াকৈ বিমান সংস্থাৰ ঘোষণা আৰু আপডেটৰ ওপৰত লক্ষ্য ৰাখিবলৈও আহ্বান জনোৱা হৈছে।































