Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

WhatsApp Image 2026 03 11 at 12.28.04 PM

Active bullets recovered in Sonari:

:ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ থকা অৱস্থাত অপৰাধীৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ৷সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী জব্দ। ডিমাপুৰৰ পৰা নাগালেণ্ডৰ মনলৈ গৈ থকা অৱস্থাত এখন বলেৰ’ বাহনত সন্দেহজনকভাৱে সোণাৰি আৰক্ষীয়ে তালাচী চলোৱাত বাহন খনৰ পৰা প্ৰায় পইন্ট ২২ৰ ১০০ ৰাউণ্ড আৰু পইন্ট ৩২ৰ ৫০ ৰাউণ্ড সক্রিয় গুলী উদ্ধাৰ কৰে ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বলেৰ’ বাহন খনৰ চালক নাগালেণ্ডৰ টিংয়ন কন্যাক ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে নগা সৰবৰাহকাৰীজনক।

Exit mobile version