দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 

egg prices 255117491

Egg Price:✒️দেশৰ বিভিন্ন ৰাজ্যত হঠাৎ হ্ৰাস পালে কণীৰ মূল্য। উল্লেখযোগ্যভাৱে হঠাৎ কণী মূল্য হ্ৰাস পোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। কিছুমান অঞ্চলত আগতে ৬–৭ টকা দৰত বিক্ৰী হোৱা কণী এতিয়া ৩–৪ টকালৈ হ্ৰাস পাইছে। এই আকস্মিক মূল্যপতনে বজাৰত বিশেষ আলোচনা সৃষ্টি কৰিছে।

বাণিজ্যিক সূত্ৰ অনুসৰি, মধ্যপ্ৰাচ্যলৈ ভাৰতৰ পৰা কণী ৰপ্তানিত সাম্প্ৰতিক সময়ত বাধা সৃষ্টি হোৱাত বিদেশলৈ পঠিয়াব লগা বিপুল পৰিমাণ কণী দেশীয় বজাৰতেই বিক্ৰী কৰিবলগীয়া হৈছে। ফলত বজাৰত কণীৰ যোগান একেবাৰে বৃদ্ধি পাই দাম তীব্ৰভাৱে হ্ৰাস পোৱা দেখা গৈছে।

এই পৰিস্থিতিত গ্ৰাহকসকলে কম দামত কণী কিনি কিছু সকাহ লাভ কৰিলেও প’ল্ট্ৰি উদ্যোগৰ স’তে জড়িত খেতিয়কসকলৰ বাবে ই এক ডাঙৰ সংকট হিচাপে দেখা দিছে।

বহু ব্যৱসায়ীয়ে জনোৱা মতে, বৰ্তমান কণীৰ মূল্য উৎপাদন ব্যয়তকৈও কম হৈ পৰিছে।

পৌল্ট্ৰি উদ্যোগৰ বিশেষজ্ঞসকলৰ মতে, বজাৰত এই অস্বাভাৱিক পৰিস্থিতি চলি থাকিলে ব্যৱসায়ীকসকলে বৃহৎ লোকচানৰ সন্মুখীন হ’ব পাৰে।

অৱশ্যে ৰপ্তানি ব্যৱস্থা পুনৰ স্বাভাৱিক হ’লে আৰু চাহিদা বৃদ্ধি পালে কণীৰ মূল্য পুনৰ স্বাভাৱিক স্তৰলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে।

বৰ্তমানৰ পৰিস্থিতিত দেশৰ বহু অঞ্চলত কণীৰ মূল্য হ্ৰাস পোৱাৰ ফলত বজাৰত এক অস্বাভাবিক অৱস্থাৰ সৃষ্টি হৈছে।

Exit mobile version