Monalisa Bhosle:✒️মহাকুম্ভ মেলাৰ সময়ত ভাইৰেল হৈ দেশজুৰি পৰিচিত হোৱা মনালিছা ভোছলে (Monalisa Bhosle )এইবাৰ ব্যক্তিগত জীৱনৰ বাবে পুনৰ শিৰোনামত।
কেৰালাত নিজৰ ছ’চিয়েল মিডিয়াৰ বন্ধু তথা অভিনেতা-মডেল ফাৰমান খান(Farman Khan)ৰ স’তে বিবাহ বন্ধনত আবদ্ধ হৈছে তেওঁ।
তথ্য অনুসৰি, কেৰালাৰ আৰুমানূৰ শ্ৰী নৈনাৰ দেৱ মন্দিৰ(Arumanoor Sri Nainar Deva Temple)ত সম্পন্ন হয় এই বিবাহ অনুষ্ঠান। দুয়োৰে চিনাকি হৈছিল ছ’চিয়েল মিডিয়াৰ জৰিয়তে, আৰু সেই বন্ধুত্বই পাছত প্ৰেমলৈ ৰূপ লয়।
পৰিয়ালৰ আপত্তিৰ মাজতে মনালিছাই আৰক্ষীৰ সহায় বিচাৰে। আৰক্ষীয়ে জনায় যে তেওঁ প্ৰাপ্তবয়স্ক হোৱাৰ বাবে নিজৰ সিদ্ধান্ত নিজে ল’ব পাৰে। তাৰ পিছতেই কেৰালাত সম্পন্ন হয় এই বিবাহ।
উল্লেখযোগ্য যে মহাকুম্ভ মেলা (Maha Kumbh Mela)ৰ সময়ত ৰুদ্রাক্ষ মালা বিক্ৰী কৰি থকা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে মনালিছা হঠাৎ দেশজুৰি জনপ্ৰিয় হৈ পৰিছিল।
