LPG Cylinder:
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে ভাৰতত ৷ ৰন্ধন গেছৰ চিলিণ্ডাৰ নাটনিৰ বাবে বাংগালোৰ সহ কে’বা কে’বা খনো বৃহৎ মহানগৰত হোটেল ,ৰেষ্টুৰেণ্ট বন্ধ হোৱাৰ উপক্ৰম হৈছে ৷ বাংগালুৰু ইতিমধ্যে বন্ধ হৈছে শতাধিক ৰেষ্টুৰেণ্ট ৷ একেদৰে পেট্ৰ’ল-ডিজেলৰ নাটনি আশংকা ঘনীভূত হোৱাৰ মাজতে কেন্দ্ৰই সকলো ৰাজ্যৰ মুখ্যসচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ স’তে এক আলোচনাত মিলিত হয়।
আনহাতে অসমতো এল পি জি নাটনিৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷কিয়নো গ্ৰাহকে যোৱা দুদিন ধৰি অনলাইন যোগে গেছ বুকিং কৰিব পৰা নাই ৷ একেদৰে এলপিজি ডিলাৰ সকলেও আইঅচিৰে গেছ বুকিং কৰিবলৈ সক্ষম হোৱা নাই ৷এনেক্ষেত্ৰত ডিলাৰত গেছ মজুত নাথাকিলে গ্ৰাহকৰ হাতত নপৰিবগৈ গেছ ৷ ফলস্বৰূপে গেছৰ অভাৱত একপ্ৰকাৰ হাহাকাৰ অৱস্থা সৃষ্টি হ’ব ৰন্ধন গেছৰ গ্ৰাহকৰ ৷
আনহাতে এনে ঘটনাক্ৰমৰ মাজতে অসম চৰকাৰে মুখ্য সচিব ড:ৰবি কোটাৰ অধ্যক্ষতাত ৰাজ্যিক পৰ্যায়ৰ পাঁচজনীয়া নিৰীক্ষণ কমিটী গঠন কৰি দিয়ে ৷ কমিটীখনে এলপিজিৰ যোগান নিৰীক্ষণ কৰাৰ লগতে এলপিজি যাতে ক’লা বজাৰ নহয় নজৰত ৰাখিব ৷
আনহাতে ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটী গঠনৰ অধ্যক্ষতাৰ দায়িত্ব লোৱাৰ পিছতে তৎপৰ হৈ পৰে মুখ্যসচিব ড:ৰবি কোটা ৷ এই সন্দৰ্ভত ড:কোটাই কয়,অসমত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সংকট নাই ৷ ভুৱা খবৰ প্ৰচাৰ নকৰিবলৈ ৰাইজলৈ আহ্বান জনাই মুখ্যসচিব গৰাকীয়ে ৷
আনহাতে সামাজিক মাধ্যম যোগে অসম আৰক্ষীয়ে উল্লেখ কৰে যে এলপিজি, পেট্রল আৰু অন্যান্য পেট্রলিয়াম সামগ্ৰীৰ নাটনি হোৱা বুলি উৰা বাতৰি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। দুষ্ট চক্ৰই বিভ্রান্তিৰ সৃষ্টিৰ বাবে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা এনেধৰণৰ উৰাবাতৰিক বিশ্বাস নকৰিবলৈ ৰাইজৰ প্রতি অনুৰোধ জনোৱা হ’ল।
