Moral Policing incident in Jakhalabondha:কলিয়াবৰৰ জখলাবন্ধাত মৰেল পুলিচিঙৰ বলি এজন লোক

গৰু চোৰৰ সন্দেহত এজন লোকক নিৰ্মম প্রহাৰ এচাম উন্মাদ লোকৰ, সংকটজনক অৱস্থাত টিএমচিএইছলৈ প্ৰেৰণ

WhatsApp Image 2026 03 12 at 11.57.54 AM

Moral Policing incident in Jakhalabondha:

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে মৰেল পুলিচিঙৰ ঘটনি ৷ ক’ৰবাত যদি গৰু চোৰৰ সন্দেহত,আন ক’ৰবা খোপাধৰাৰ সন্দেহত এচাম উন্মাদ লোকৰ প্ৰহাৰৰ সন্মুখীন হৈছে নিৰীহ লোক ৷ এইক্ষেত্ৰত অসম আৰক্ষীয়ে বাৰম্বাৰ সৰ্তক কৰি অহাৰ পিছতে য’তে ত’তে ইটোৰ পিছত সিটোকৈ অব্যাহত আছে মৰেল পুলিচিঙৰ ঘটনা ৷

এইবাৰ মৰেল পুলিচিঙৰ ঘটনাৰ কেন্দ্ৰবিন্দু হ’ল কলিয়াবৰৰ জখলাবন্ধা ৷গৰু চোৰৰ সন্দেহত এজন লোকক গুৰুলা-গুৰুলকৈ প্রহাৰ এচাম লোকৰ ৷ বুধবাৰে নিশা জখলাবন্ধা চাহ বাগিচাখনলৈ একাংশই মাতি নিছিল আবু আলী নামৰ লোকজনক ৷ইয়াৰ পিছতে লোক কেইজনে গৰু চোৰ, গৰু চোৰ বুলি চিঞৰিব ধৰাত বাগিছা লাইনৰ অসংখ্য লোক উপস্থিত লৈ লোকজনক গৰু চুৰিৰ সন্দেহত দলবদ্ধভাৱে প্ৰহাৰ কৰাত লেবেজান হৈ পৰে আলী ৷ অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উন্মাদ লোকৰ হাত পৰা সংকটজনক অৱস্থাত লোকজনক উদ্ধাৰ কৰি প্ৰথমে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভর্তি কৰে যদিও পিছত চিকিৎসামকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ বাবে টিএমচিএইছলৈ প্ৰেৰণ কৰা হয় । আনহাতে মৰেল পুলিচিঙৰ ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে এটি গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version