Samaguri:
নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চামগুৰিৰ শালনাত ৰহস্যজনক ভাবে উদ্ধাৰ লাখ লাখ টকা Iচামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনাৰ বৰজুৰীত এখন ৰখাই থোৱা স্কুটিৰ পৰা উদ্ধাৰ টকা খিনি।
শালনা আৰু বৰজুৰি সংযোগী পথত ৰখাই থোৱা AS 02 R 8641নম্বৰৰ ক’লা ৰঙৰ স্কুটি খনৰ পৰা উদ্ধাৰ টকা খিনি। প্ৰথমে স্থানীয় লোকে স্কুটি খন দেখা পায় খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত চামগুৰি আৰু শালনা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে টকা খিনি। টকা খিনি স্কুটি খনৰ বাহিৰে ভিতৰে ৰাখি পথৰ নিজান ঠাইত কিয় ৰখাই থোৱা হৈছিল আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই। নিশাই আৰক্ষীয়ে টকা খিনি গণনা কৰি ২৭ লাখ ১৭ হাজাৰ ৮ শ আশী টকা আৰক্ষীৰ জিম্মাত লয়। আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ আহিব ,টকাখিনি প্ৰকৃততে কাৰ বা টকা খিনিৰ অন্তৰালত কি আছে ।




































