International women’s day::✒️আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ২০২৬ উপলক্ষে কালি কামৰূপ মহানগৰ জিলাৰ উদ্যোগত দিছপুৰস্হিত লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত এখন জিলা পৰ্যায়ৰ সজাগতা সভা অনুষ্ঠিত হয়।
মহিলাৰ অধিকাৰ, মহিলাসকলৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ লগতে সমাজত মহিলাসকলৰ সুৰক্ষা, মৰ্যাদা আৰু ক্ষমতায়ন নিশ্চিত কৰাৰ বাবে সমূহীয়াভাৱে কাম কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সচেতনতা সৃষ্টিৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
অনুষ্ঠানটোত চৰকাৰী বিষয়া -কৰ্মচাৰী ,ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ প্ৰতিনিধি, শক্তি সদন, ৱান ষ্টপ চেণ্টাৰ, সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া, অংগনবাড়ী কৰ্মী,বিভিন্ন বেচৰকাৰী সংস্থাৰ আৰু মহিলাৰ কল্যাণৰ ক্ষেত্ৰত জড়িত অন্যান্য অনুষ্ঠানৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।
কামৰূপ (ম) জিলাৰ সমাজ কল্যাণ বিষয়া ৰুবী কলিতাই উপস্থিত সকলো অতিথি আৰু অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই কাৰ্যসূচীৰ উদ্দেশ্য আৰু গুৰুত্ব সম্পৰ্কে অৱগত কৰে।অনুষ্ঠানত উপস্থিত থাকি সংকল্প, ৰাজ্যিক মহিলা সৱলীকৰণ কেন্দ্ৰ, অসমৰ ৰাজ্যিক মিছন সমন্বয়ক ৰুবী ভাগৱতীয়ে মহিলাসকলৰ স’তে জড়িত বিভিন্ন বিষয়ৰ সন্দৰ্ভত এক আলোচনা আগবঢ়াই বিশেষকৈ মহিলাৰ সুৰক্ষা আৰু সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তদুপৰি মানসিক স্বাস্থ্য আৰু চাপ ব্যৱস্থাপনা বিষয়ত ত্ৰিবেণী ভট্টাচাৰ্যই অপ্তিমিষ্টা লাৰ্নিং হাব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ দৈনন্দিন জীৱনত মানসিক স্বাস্থ্যৰ গুৰুত্ব, আবেগিক স্থিতিশীলতা আৰু চাপ ব্যৱস্থাপনা বিষয়ত অংশগ্ৰহণকাৰীসকলক অৱগত কৰে। অনুষ্ঠানৰ শেষত কামৰূপ মহানগৰ জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগ অংগনবাড়ী কৰ্মী,ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকাৰ অভিযানৰ আত্মসহায়ক গোটৰ সদস্যা আৰু বিভিন্ন বেচৰকাৰী সংস্থাৰ কৰ্মীসকলক মহিলাৰ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়।
