Digboi:ডিগবৈত চৰকাৰী স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ

নাই ব্লাড বেংক, আজিও বঞ্চিত উন্নত স্বাস্থ্য সেৱা লাভৰ পৰা

WhatsApp Image 2026 03 13 at 6.35.11 PM

Digboi:

তিনিচুকীয়া জিলাৰ অন্তৰ্গত তৈলনগৰী ডিগবৈত চৰকাৰী স্বাস্থ্য সেৱাৰ পুতৌজনক অৱস্হাত ডিগবৈবাসী ৰাইজে দীৰ্ঘদিনৰ পৰা জলাকলা খাব লগীয়া হৈ আহিছে ৷ শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ ডাবুল ইঞ্জিন চৰকাৰ চলি থকাৰ পাচতো আজি তাৰিখলৈ তৈলনগৰী ডিগবৈবাসীয়ে চৰকাৰী স্বাস্থ্যকেন্দ্ৰত উন্নত চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম নোপোৱাতো চৰম দুৰ্ভাগ্যজনক বিষয়লৈ পৰিণত হোৱাৰ লগতে চৰকাৰী চিকিৎসা সেৱাৰ ফোপোলাস্বৰূপতো পোহৰলৈ আনিছে ৷ শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগে ৰাজ্যখনৰ চৰকাৰী চিকিৎসা বিভাগতো উন্নতকৰণ কৰাৰ স্বাৰ্থত অহৰহ বিভিন্ন আচঁনিৰ জৰিয়তে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও ৮৪ নম্বৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত তৈলনগৰী ডিগবৈ চহৰৰ প্ৰায় মাজমজিয়াত অৱস্হিত ডিগবৈ সামূহিক চিকিৎসালয়খনক আজিও যেন সামৰি লবলৈ সক্ষম হোৱা নাই।

তৈলনগৰী ডিগবৈ চহৰকে আদি কৰি পাৰ্শ্ব্ৱ্তী গ্ৰামাঞ্চলসমুহত বসবাস কৰা মধ্যবিত্ত সাধাৰণ লোকসকলৰ একমাত্ৰ আশা আৰু ভৰষাৰ স্হল ডিগবৈ সামূহিক চিকিৎসালয়খনক “ভিতৰে ৰংচং বাহিৰে কুঁৱাভাতুৰী’’ আপ্তবাক্য শাৰীত ৰাখিব পৰা অৱস্থা হৈছেগৈ ৷কিয়নো ডিগবৈ চহৰবাসীৰ লগতে পাৰ্শ্ব্ৱ্তী গ্ৰামাঞ্চলৰ জনসাধাৰণে কোনো সাধাৰণ বেমাৰ আজাৰৰ পৰিত্ৰাণ বিচাৰি ডিগবৈ সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ ঢাপলি মেলি আহে যদিও সামূহিক স্বাস্থ্যকেন্দ্ৰখনিত ৰোগীৰ বাবে সাধাৰণ দুই এপদ ঔষধৰ বিপৰীতে দামী ঔষদ ঔষধালয়ত মজবুত প্ৰায়ে নাথাকে ।

তাৰোপৰি কোনো ৰোগীক যদি আকস্মিকভাৱে তেজৰ প্ৰয়োজন হয় তেন্তে ডিগবৈ সামূহিক স্বাস্থ্যকেন্দ্ৰত ৰক্ত ভাণ্ডাৰ নথকাৰ বাবে বাটকুৰি বাই ৰোগীৰ আত্মীয়ই তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ গৈ তেজ পৰীক্ষা কৰোৱাই ৰোগীৰ বাবে বিশেষ ব্যৱস্থা অৱলম্বন কৰি তেজ আনি ৰোগীক প্ৰদান কৰিব লগীয়া পৰিৱেশত আজিও দুৰ্ভোগ ভুগি আহিছে ৷ তদুপৰি ডিগবৈ সামূহিক স্বাস্থ্যকেন্দ্ৰত এক্সৰে মেচিনকে আদি কৰি ডাইলছিছ কৰিব পৰা সুবিধা উপলব্ধ আছে যদিও বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে ৰোগীসকলে সুবিধা লাভৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উঠি আহিছে ৷

উল্লেখনীয় বিষয় যে ,ডিগবৈ চহৰখনৰ মূল সমস্যা সমুহৰ ভিতৰত মূলতঃ সমস্যা বুলিবলৈ বিশুদ্ধ খোৱা পানী আৰু উন্নত স্বাস্থ্য সেৱাৰ পয়া লগা ব্যৱস্থাত সমগ্ৰ ডিগবৈবাসীৰ ৷ ডিগবৈত চৰকাৰী স্বাস্থ্য সেৱা লাভৰ বাবে গাঁৱে-ভূঞে দুই এখন চৰকাৰী উপ স্বাস্থ্যকেন্দ্ৰ আছে যদিও ডিগবৈবাসীৰ উন্নত স্বাস্থ্য সেৱা লাভ কৰিব পৰাকৈ চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগ তথা স্হানীয় জনপ্ৰতিনিধিৰ সদিচ্ছা অভাৱৰ বাবে আজিও ডিগবৈবাসীয়ে উন্নত স্বাস্থ্য সেৱা লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । ঐতিহাসিক ডিগবৈৰ পৰিচয় বহন কৰা আই অ চি এলৰ অধিনত ১৯৩৯ চনতে প্ৰাকৃতিক মনোৰম পৰিৱেশৰ মাজত আজিও সগৌৰৱেৰে ঠিয় হৈ থকা আই অ’ চি হস্পিতালখনত এসময়ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে উন্নত চিকিৎসা সেৱা লাভ কৰা চিকিৎসালয় হিচাপে এক সুকীয়া পৰিচয় বহন কৰিছিল যদিও কালক্ৰমত সেই হস্পিতাল বৰ্তমান যদুঘৰলৈ পৰ্যবেক্ষিত হ’ল ।

আংশিক পৰিমানে চৰকাৰৰ সদিচ্ছা আৰু স্হানীয় জনপ্ৰতিনিধিৰ সদিচ্ছাত উক্ত হস্পিতালখনক উন্নত প্ৰযুক্তিৰে আধুনিকীকৰণ কৰি প্ৰতিটো বিভাগৰ চিকিৎসা সেৱা প্ৰদান কৰিব পৰাকৈ অভিজ্ঞ চিকিৎসকৰ দলক নিয়োজিত কৰি ডিগবৈবাসী ৰাইজে দীৰ্ঘদিনৰ পৰা সমস্যাত কবকবাই থকা উন্নত চিকিৎসা সেৱা লাভ কৰাৰ স্হল আছিল যদিও সেইয়া যেন ফুটুকাৰ ফেনলৈ পৰিণত হ’ল । বৰ্তমান আই অ’ চি চিকিৎসালয়খনত বেমাৰ দেখুৱাবলৈ যোৱা ৰোগীৰ বিপৰীতে আই অ’ চি হস্পিতালত কৰ্মৰত স্হায়ী আৰু ঠিকাভিত্তিক শ্ৰমিকৰ সংখ্যাহে বেছি । বৰ্তমান আই অ’ চি চিকিৎসালয়খন আই অ’ চি এলত কৰ্মৰত স্হায়ী কৰ্মচাৰীসকলক সাধাৰণ জ্বৰত আক্ৰান্ত হ’লেই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্হিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ প্ৰেৰণৰ অৰ্থে ৰেফাৰ কৰিবলৈ খুলি ৰাখিছে বুলিহে চৰ্চা আছে ৷

ডিগবৈবাসী সকলো স্তৰৰ সমাজ সচেতন ৰাইজে প্ৰতিটো মুহূৰ্ততে ডিগবৈত স্বাস্থ্যবিভাগৰ পয়ালগা স্বৰূপটো উপলব্ধি কৰি, উন্নত চিকিৎসা ব্যৱস্থাৰ বাবে চৰকাৰৰ বিয়াগোম বিভাগৰ লগতে মন্ত্ৰী,আমোলা-বিষয়া,স্হানীয় জনপ্ৰতিনিধিক সুযোগ সুবিধা পালেই দীৰ্ঘদিনৰ পৰা আই অ’ চি হস্পিতালখনত উন্নত মানদণ্ডৰ চিকিৎসালয়লৈ ৰূপান্তৰ কৰিবলৈ দাবী জনাই অহাৰ পাচতো আজি তাৰিখলৈ তিলমানো গুৰুত্ব আৰোপ নকৰাতো ডিগবৈবাসীৰ বাবে চৰম দুৰ্ভাগ্যজনক বিষয় হৈ পৰিছে ৷

সাধাৰণ ৰোগ ব্যাধিয়ে দেখা দিলেই ডিব্ৰুগড় নতুবা তিনিচুকীয়ালৈ বাটকুৰি বাই ঢাপলি মেলি চিকিৎসা সেৱা লাভৰ বাবে দৌৰ মাৰিব লগীয়া হোৱা ডিগবৈবাসীয়ে কেতিয়া,কোন কালে নিজা গৃহ চহৰখনতে উন্নত চিকিৎসা সেৱা লাভ কৰিব পাৰিব সেইয়া বৰ্তমান ডিগবৈবাসীৰ বাবে বহুকোটি টকীয়া প্ৰশ্ন হৈ ঠিয় দিছে ৷

Exit mobile version