Dibrugarh:
ডিব্ৰুগড়ত নাহৰফুটুকী বাঘৰ আতংক ৷ চান্দৈ পথাৰত কিছুদিন ধৰি অব্যাহত থকা বাঘৰ আতংকৰ মাজতে শুকুৰবাৰে নিশা বনৰজা সোমাল ৰমেশ শইকীয়া নামৰ লোকজনৰ বাসগৃহৰ স্নানাগাৰত ৷ তাৰ পিছত গৃহস্থ আৰু স্থানীয় লোকৰ মাজত হৈচৈৰ সৃষ্টি হয়। উল্লেখ্য যে লোক জনৰ ইতিমধ্যে দুটা গৰু পোৱালি,হাহঁ, কুকুৰা, ছাগলী আদি ভক্ষণ কৰিছিল বাঘে।
ADVERTISEMENT
আনহাতে নিশাই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ নাহৰফুটুকী বাঘটোক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা চলাই যদিও স্নানাগাৰৰ দুৱাৰ ভাঙি পলায়ন কৰে বনৰজাই। পূৰ্বেও অঞ্চলটোত বাঘৰ আতংক অব্যাহত আছিল ৷ এতিয়া বনৰজা পলায়নে ৰাইজক অধিক আতংকিত কৰি তুলিছে । বনৰজাক আবদ্ধ কৰাৰ দাবী তুলিলে চান্দৈ পথাৰত ৷






























