Guwahati:মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত ৩ গভাইত চোৰ

WhatsApp Image 2026 03 14 at 5.38.44 PM

Guwahati:

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ চাফাই অভিযান। ফুট গধূলিৰে পৰা অলিয়েগলিয়ে পিয়াপি দি ফুৰে চোৰ ৷ স্মাৰ্ট আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি চোৰে ইটোৰ পিছত সিটোকৈ সংঘটিত কৰি গৈছে চুৰিকাণ্ড ৷ আনকি যোৱাটো পষেকত হাতীগাঁও থানাৰ সমীপতে এখন জুৱেলাৰী দোকানত চোৰে চিলিং ভাঙি সোনৰ আ- অলংকাৰ লুট কৰি নিয়ে ৷

এনে বহু ভুক্তভোগীৰ অভিযোগ উদ্থাপিত হৈ অহাৰ মাজতে বশিষ্ঠ আৰক্ষীৰ অভিযানত আটক হয় ৩ গভাইত চোৰ ৷ চোৰ কেইটাৰ পৰা চুৰি কৰা দুটা এলপিজি চিলিণ্ডাৰ আৰু দুটা কাটিং মেচিনৰ উপৰিও চুৰি কাৰ্যত ব্যৱহ্ত এএছ০১-জি আৰ ১৫২৬ নম্বৰৰ এখন ই- ৰিক্সা জব্দ কৰে I ধৃত চোৰ কেইটা হ’ল মুছলপুৰৰ ধনজিৎ কলিতা, বনগাঁওৰ চন্দন হাজদা আৰু সাউকুছিৰ স্বপন বৰ্মন ৷

Exit mobile version