PM Modi Visit Silchar:
দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও কাৰ্যসূচীত ভাগ লৈ কইনাধৰা ৰাজ্যিক অতিথিশালাৰ নিশাটো কটাই শনিবাৰে প্ৰতিকুল বতৰৰ মাজত পুৱা ভাগত বায়ুসেনাৰ বিশেষ বিমানেৰে উৰা মাৰে শিলচৰ অভিমুখে ৷
শিলচৰৰ অম্বিকাপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল ৰাজহুৱা সভাত সম্বোধন কৰাৰ লগতে মুঠ ২৩,৫৫০ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷ প্ৰকল্প কেইটা হ’ল ২২,৮৬০ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া শ্বিলং-শিলচৰ হাইস্পীড কৰিডৰৰ আধাৰশিলা ৷ উল্লেখ্য যে এই প্ৰকল্প হৈ উঠাৰ পিছত হ্রাস কৰিব গুৱাহাটী-শিলচৰ ভ্ৰমণৰ সময় ৷
আনহাতে প্ৰধানমন্ত্ৰী গৰাকীয়ে শিলচৰ নগৰ উৰণ সেতুৰ ভূমিপূজন আৰু পাথাৰকান্দিৰ কৃষি মহাবিদ্যালয়ৰো শিলান্যাস কৰে ৷ এই সকলো কেইটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,সাংসদ পৰিমল শুক্ল বৈদ্য,ৰাজ্যৰ দুই মন্ত্ৰী কৌশিক ৰয় আৰু কৃষ্ণেন্দু পাল উপস্থিত থাকে ৷






























