Road Accident in Bokajan:
ৰাজ্যত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বোকাজানত পুৱতি নিশা প্ৰায় ৩.৩০ বজাত সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল চাৰি গৰাকীকৈ মহিলা ৷ শিশু সহ আহত হয় ১০ গৰাকীকৈ যাত্ৰী ৷
ADVERTISEMENT
মৈৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখী তীব্ৰ বেগত আহি থকা AS-21AC-3356 নম্বৰৰ বাছখন এখনে নিয়ন্ত্ৰণ হেৰুৱাই লক্ষীজানত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এডাল প্ৰকাণ্ড গছত প্ৰচণ্ড খুন্দা মাৰে ৷ ফলত দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ চাৰি গৰাকী যাত্ৰী নিহত হোৱাৰ বিপৰীতে আহত হয় শিশু সহ আন ১০ যাত্ৰী ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল হাস্পতাললৈ প্ৰেৰণ কৰাৰ বিপৰীতে আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷






























