Iran:✒️ইৰাণত এক অদ্ভুত আৰু আতংকজনক ঘটনাই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। আকাশৰ পৰা সাধাৰণ পানীৰ সলনি নামিছে ক’লা বৰষুণ। এই অস্বাভাৱিক দৃশ্য দেখা পোৱাৰ পাছতে স্থানীয় লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে আৰু পৰিবেশবিদসকলেও গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
তথ্য অনুসৰি, ইৰাণৰ ৰাজধানী তেহৰাণ (Tehran) আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত এই ক’লা বৰষুণ পৰাৰ ঘটনা লক্ষ্য কৰা হৈছে। বৰষুণ পৰাৰ লগে লগে গাড়ী, ঘৰৰ ছাদ আৰু ৰাস্তাত ক’লা ধৰণৰ পদাৰ্থ জমা হোৱা দেখা যায়।
বহু লোকে সামাজিক মাধ্যমত এই অদ্ভুত বৰষুণৰ ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰাৰ পাছত ঘটনাটো বিশ্বজুৰি চৰ্চাৰ বিষয় হৈ পৰে।
বিশেষজ্ঞসকলৰ মতে, সাম্প্ৰতিক সময়ত তেল সংৰক্ষণাগাৰ আৰু ৰিফাইনেৰীত হোৱা অগ্নিকাণ্ডৰ ফলত আকাশত বিপুল পৰিমাণে ধোঁৱা, ছাই আৰু তেলজাত কণা জমা হৈছিল।
এই দূষিত কণাবোৰ পাছত বৰষুণৰ পানীৰ লগত মিহলি হৈ ক’লা ৰঙৰ বৰষুণ ৰূপে মাটিত পৰে। ফলত সাধাৰণ বৰষুণৰ সলনি মানুহে দেখা পায় একেবাৰে গাঢ় ক’লা পানীৰ বৰষুণ।
স্থানীয় বাসিন্দাসকলে জনোৱা মতে, এই বৰষুণ পৰাৰ সময়ত বহু লোকৰ চকু জ্বলিবলৈ ধৰে আৰু শ্বাস ল’বত কষ্ট অনুভৱ কৰে। কিছুমান লোকৰ গলাত জ্বলা অনুভৱ হোৱা আৰু ত্বকত অস্বস্তি অনুভৱ কৰাৰো অভিযোগ উঠিছে।
ইয়াৰ বাবে চিকিৎসক আৰু পৰিবেশ বিশেষজ্ঞসকলে মানুহক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।
এই ঘটনাক লৈ সতর্কবাণী জাৰি কৰিছে হু'(World Health Organization) য়ে। সংস্থাটোৱে জনসাধাৰণক সম্ভৱ হলে বাহিৰলৈ নোযাবলৈ, মাস্ক ব্যৱহাৰ কৰিবলৈ আৰু এই ধৰণৰ বৰষুণৰ পানীৰ স’তে সংস্পৰ্শ এৰাবলৈ পৰামৰ্শ দিছে।
বিশেষজ্ঞসকলৰ মতে, এই ধৰণৰ “ব্লেক ৰেইন”ত চালফাৰ ডাইঅক্সাইড, নাইট্ৰজেন অক্সাইড আৰু অন্য বিষাক্ত কণা থাকিব পাৰে, যি মানুহৰ স্বাস্থ্যৰ বাবে যথেষ্ট বিপদজনক।
যদি আকাশত দূষণৰ পৰিমাণ কম নহয়, তেন্তে আগন্তুক দিনবোৰতো এই ধৰণৰ ক’লা বৰষুণ পুনৰ দেখা পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।
ইতিমধ্যে এই ঘটনাই ইৰাণত পৰিবেশ আৰু জনস্বাস্থ্য দুয়ো ক্ষেত্ৰতেই গভীৰ চিন্তাৰ সৃষ্টি কৰিছে। আকাশৰ পৰা নামা এই অস্বাভাৱিক ক’লা বৰষুণে বিশ্বজুৰি পৰিবেশ দূষণ আৰু যুদ্ধজনিত পৰিস্থিতিৰ সম্ভাৱ্য প্ৰভাৱক লৈ পুনৰ আলোচনা আৰম্ভ কৰিছে।































