LPG Gas:✒️ দেশৰ বিভিন্ন ঠাইত ৰান্ধনি গেছক লৈ উদ্বেগ দেখা দিয়া সময়তে কেন্দ্ৰ চৰকাৰে স্পষ্টকৈ জনাইছে—গৃহস্থালীৰ LPG যোগানত কোনো ধৰণৰ অভাৱ নহয়।
ইতিমধ্যে দেশৰ ২৯খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত বাণিজ্যিক LPG চিলিণ্ডাৰৰ যোগান আৰম্ভ কৰা হৈছে। চৰকাৰৰ মতে, কিছুমান ঠাইত আতংকৰ বাবে অধিক বুকিং হোৱাত সাময়িক চাপ সৃষ্টি হৈছে।
এই পৰিস্থিতিত মজুতদাৰী আৰু অবৈধ ব্যৱসায় ৰোধ কৰিবলৈ প্ৰশাসনে দেশজুৰি কঠোৰ অভিযান চলাই আছে।
মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ ফলত LPG আমদানিত কিছু প্ৰভাৱ পৰিলেও চৰকাৰে আশ্বাস দিছে,সাধাৰণ গৃহস্থালীৰ ৰান্ধনি গেছৰ যোগান অব্যাহত থাকিব।
চৰকাৰৰ আহ্বান:অপ্ৰয়োজনীয় আতংকত অধিক বুকিং নকৰিব। সকলো গ্ৰাহকৰ বাবে পৰ্যাপ্ত গেছ যোগান নিশ্চিত কৰা হৈছে।






























