মিত্ৰদলক ১৫ সমষ্টি এৰি কংগ্ৰেছৰ তালিকা

congress82

Congress :✒️মিত্রদললৈ ১৫ টা সমষ্টি এৰি শনিবাৰে কংগ্রেছে আসন্ন অসম বিধানসভা নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্রার্থী তালিকা ঘোষণা কৰে। যোৱা তিনি মাৰ্চত ৪২ টা সমষ্টিৰ প্রার্থীসহ প্রথম তালিকা প্ৰকাশৰ পাছত কালি দ্বিতীয়খনত ২৩ টা সমষ্টিৰ প্রার্থী ঘোষণা কৰা হয়। শনিবাৰে তালিকাখনত দলৰ তিনিজন বিধায়ককো স্থান দিয়া হৈছে।

তদুপৰি স্থান দিয়া হৈছে কে’বাগৰাকী মহিলা প্রার্থীক। ইয়াৰ বিপৰীতে প্রার্থিত্বৰ পৰা বঞ্চিত হয় এজন বিধায়ক। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে স্বাক্ষৰ কৰা তালিকা অনুসৰি প্ৰাৰ্থীসকল হৈছে ক্রমে গোলকগঞ্জত কার্তিক চন্দ্ৰ ৰায়, বীৰছিং জৰুবাত জ্যেষ্ঠ নেতা তথা বিধায়ক বাজেদ আলী চৌধুৰী, বিলাসীপাৰাত অমৃত বাদশা, মানকাচৰত মহিবুৰ ৰহমান, গোৱালপাৰা পূবত বিধায়ক আবুল কালাম ৰছিদ আলম, দুধনৈত কিশোৰ কুমাৰ ব্ৰহ্ম, সৃজনগ্রামত নুৰুল ইছলাম, মন্দিয়াত প্রাক্তন সাংসদ আব্দুল খালেক, ছমৰীয়াত বিধায়ক ৰেকিবুদ্দিন আহমেদ, ৰঙিয়াত প্রাণজিৎ চৌধুৰী আৰু ডিমৰীয়াত কিশোৰ কুমাৰ বৰুৱাক প্রার্থিত্ব দিয়া হৈছে।

তদুপৰি প্ৰাৰ্থী প্ৰক্ষেপ কৰা আন সমষ্টিকেইটা হ’ল নিউ গুৱাহাটীত শান্তনু বৰা, মঙলদৈত ৰিজুমণি তালুকদাৰ, হোজাইত জিলি চৌধুৰী, ঢেকিয়াজুলিত বাতাচ ওৰাং, ৰঙাপৰাত কার্তিক চন্দ্ৰ কুৰ্মী, গহপুৰত ডাঃ শংকৰজ্যোতি কুটুম, ধেমাজিত শৈলেন সোণোৱাল, তিনিচুকীয়াত ডেভিদ ফুকন, টিংখঙত বিপুল গগৈ, দেৰগাঁৱত সাগৰিকা বৰা, ধলাইত ধ্ৰুৱজ্যোতি পুৰকায়স্থ আৰু কৰিমগঞ্জ দক্ষিণত আমিনুৰ ৰছিদ চৌধুৰী। প্রার্থিত্বৰ পৰা বাদ পৰা বিধায়কজন হ’ল দুধনৈৰ যাদৱ স্বর্গীয়াৰী।

এই তালিকাতে মিত্রদলক এৰি দিয়া সমষ্টিকেইটাও ঘোষণা কৰা হয়। সমষ্টিকেইটা হ’ল ভৱানীপুৰ-সৰভোগ, বজালী, পলাশবাৰী, মধ্য গুৱাহাটী, গোৰেশ্বৰ, মৰিগাঁও, বৰহমপুৰ, বিন্নাকান্দি, বিহালী, শদিয়া, ডিব্ৰুগড়, খোৱাং, সৰুপথাৰ, ডিফু আৰু আমৰি। উল্লেখ্য যে মিত্রদলক এৰি দিয়া সমষ্টিবোৰৰ অধিকাংশত অসম জাতীয় পৰিষদে প্রতিদ্বন্দ্বিতা কৰিব। মিত্ৰদলৰ পৰা ইতিমধ্যে ঘোষণা কৰা অনুসৰি ভৱানীপুৰ-সৰভোগ আৰু গোৰেশ্বৰত চিপিএমে প্রতিদ্বন্দ্বিতা কৰিব।

চিপিআই (এমএল) ক বিহালী সমষ্টি এৰি দিয়া হৈছে। এপিএইছএলচিক এৰি দিয়া সমষ্টি দুটা হ’ল ডিফু আৰু আমৰি।

মিত্রজোটত অন্তর্ভুক্ত চিপিআই (এমএল)

কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মিত্রজোঁটত চিপিআই (এমএল) প্রথমতে আছিল যদিও পৰৱৰ্তী সময়ত দলটোৱে অনানুষ্ঠানিকভাবে বিদায় লয়। সমষ্টি এৰি নিদিয়াৰ ক্ষোভত এই সিদ্ধান্ত গ্রহণ কৰিছিল দলটোৱে। কিন্তু কালি দিল্লীত অনুষ্ঠিত কংগ্ৰেছৰ মিত্ৰতাকেন্দ্রিক বৈঠকত চিপিআই (এমএল) ক তেওঁলোকে বিচৰা সমষ্টিবোৰৰ এটা এৰি দিয়াৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি বিহালী সমষ্টিটো এৰি দিয়া হয়। ইয়াৰ পাছতে চিপিআই (এমএল) পুনৰ এই মিত্রজোটলৈ উভতি আহে। ইয়াৰ বাবে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে দলটোক ধন্যবাদ জনায়। এই সম্পর্কীয় একেটা বার্তাতে গগৈয়ে লগতে কয়, ‘আমি দৃঢ় বিশ্বাসী যে আমাৰ বিৰোধী ঐক্যমঞ্চৰ সহযোগী ৰাজনৈতিক দলসমূহ ক্রমে অসম জাতীয় পৰিষদ, চিপিএম, এপিএইছএলচি আৰু চিপিআই (এমএল)ৰ সহযোগত তথা ৰাইজৰ সমৰ্থনত আমি একত্রিতভাবে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ফেচিষ্ট চৰকাৰক ওফৰাবলৈ সক্ষম হ’ম।’ একেটা বার্তাতে এই মিত্ৰজোঁটত সহযোগী দলৰ সংখ্যা অধিক বৃদ্ধি হ’ব বুলিও তেওঁ আশাবাদী বুলি উল্লেখ কৰে।

চিপিআই (এমএল)ৰ প্রার্থী ঘোষণা

বিহালী সমষ্টি এৰি দিয়াৰ পৰিপ্ৰেক্ষিতত চিপিআই (এমএল) এ দলৰ প্ৰাৰ্থীও চূড়ান্ত কৰিছে। সেই অনুসৰি সমষ্টিটোত কংগ্রেছ নেতৃত্বাধীন মিত্রজোটৰ প্রার্থী হ’ব জ্ঞানেন্দ্ৰ সৰকাৰ।

Exit mobile version