Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উন্নয়ন-দুর্নীতিৰ শূন্যসহনশীলতা ধ্বনিৰ বিপৰীত ছবি বাস্তৱত

publisher by publisher
March 15, 2026
in Assam, News
Reading Time: 1 min read
0
উন্নয়ন-দুর্নীতিৰ শূন্যসহনশীলতা ধ্বনিৰ বিপৰীত ছবি বাস্তৱত
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

BJP:✒️বিজেপি নেতৃত্বাধীন ডাবল ইঞ্জিন চৰকাৰৰ দিনত ৰাজ্যত উন্নয়নৰ গংগা বোৱা আৰু দুর্নীতিৰ প্ৰতি শূন্যসহনশীল নীতি সফল হোৱা বুলি দাবী কৰি স্বয়ং প্রধানমন্ত্রী-মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি দিছপুৰৰ মন্ত্ৰী-বিধায়কসকলে পুনৰ ভোট বিচাৰি ৰাজপথ লোৱাৰ সময়তে ৰাজ্যৰ চৌদিশে পথ নির্মাণত সংঘটিত অনিয়মৰ তথ্য পোহৰলৈ আহিছে।

ADVERTISEMENT

ইতিমধ্যে ডাবল ইঞ্জিন চৰকাৰৰ স্বৰূপ উদঙাই বিভিন্ন স্থানত কে’বাখনো দলং খহি পৰা তথা নৱনির্মিত দলঙত ফাট মেলাৰ ঘটনা সংঘটিত হোৱাৰ পাছত বিভিন্ন স্থানত কোটিটকীয়া পথ নির্মাণতো সংঘটিত অনিয়ম ফাদিল হৈছে। ইয়ে চৰকাৰৰ দাবীক একপ্ৰকাৰ অসাৰ প্ৰতিপন্ন কৰিছে। ইয়াৰ সমান্তৰালভাবে প্রশ্ন উত্থাপন হৈছে যে ডাবল ইঞ্জিন চৰকাৰে পথ আন্তঃগাঁথনি নিৰ্মাণৰ প্রতি সম্পূর্ণ পিঠি দিলে নেকি?

ডিব্ৰুগড় জিলাৰ খোৱাঙত এটা পথ নির্মাণত বিস্তৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। পথ নির্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাত পথটোৰ ব্লেকটপিং বখলা বখলে এৰোৱাৰ ঘটনা পোহৰলৈ আহিছে। উল্লেখ্য যে ৰাজহুৱা দাবীৰ ভিত্তিত ২০২৫ৰ ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ গ্ৰাম্য চড়ক যোজনাৰ অধীনত খোৱাঙৰ মৰিয়াআলি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক চক্ৰধৰ গগৈয়ে। ৭,৬২০ মিটাৰ দৈৰ্ঘৰ এই পথ উন্নীতকৰণৰ বাবে ৩,৪০,৩৮,৮১৪ কোটি টকা ধাৰ্য কৰা হয়। পথটো উন্নতি প্রযুক্তিৰে নিৰ্মাণ কৰা হ’ব বুলি বিধায়ক গগৈয়ে আশ্বাস দিয়ে।

আশ্চর্যজনকভাবে ঠিকাদাৰে পথটো নির্মাণত চৰম গাফিলতি কৰে। মাহৰ পাছত মাহ ধৰি পথৰ কাম নকৰাকৈ ঠিকাদাৰে পেলাই থয়। ফলত পথটো ব্লেকটপিং কৰাৰ এদিনৰ পাছতে বখলা বখলে ব্লেকটপিং এবাইছে। স্বাভাৱিকতে ইয়ে স্থানীয় বাইজক ক্ষুব্ধ কৰিছে। বিষয়টো সম্পৰ্কত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক গগৈৰ হস্তক্ষেপ কামনা কৰিছে ৰাইজে।

এজাক বৰষুণতে হাহাকাৰ: ঘগ্ৰাপাৰ-তামুলপুৰ পথত পুখুৰী সদৃশ গাঁত

প্রভাৱশালী মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ অধিকাংশ বাট-পথ বিধ্বস্ত হৈ আছে। আনকি জিলাখনৰে এটা গুৰুত্বপূৰ্ণ পথ ঘগ্ৰাপাৰ-তামুলপুৰ পথত মেৰামতিৰ অভাৱত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতে সম্প্রতি ৰাইজক জীয়াতু ভোগাইছে। আজি পুৱা হোৱা এজাক বৰষুণতে এই পথৰ প্ৰকাণ্ড প্রকাণ্ড গাঁত একাঁটু পর্যন্ত পানী জমা হৈ পথচাৰীক দুর্ভোগ ভোগায়। ইয়াৰ মাজতে ৰাইজৰ মাজত চর্চিত হৈছে ডাবল ইঞ্জিন চৰকাৰৰ উন্নয়নৰ স্বৰূপৰ কথা। উল্লেখ্য যে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঘগ্ৰাপাৰ চ’কৰ ওচৰৰ পৰা আৰম্ভ হোৱা এই পথলৈ কোনোদিনে জনপ্রতিনিধিৰ চকু পৰা নাই। পৰিণতিত ৰাইজে যাতায়াতত দুর্ভোগ ভুগি আছে। আজি ৰাইজৰ যন্ত্রণা অধিক বৃদ্ধি পায়। বিশেষকৈ টেঙাবাৰী, পোনৰকাউনীয়া, বৰাজোল, ভিঠামহল, খাটিকুছি, সোণকুৰিহা আদিকে ধৰি পথটোৰ ভিন্ন স্থানত মাজে মাজে এনেদৰে বিধ্বস্ত হোৱাত ৰাইজ অধিক যন্ত্ৰণাৰ সম্মুখীন হৈছে। আনহাতে, স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ঘগ্ৰাপাৰত এখন সভাত স্বয়ং মুখ্যমন্ত্রীকো পথটোৰ দুৰৱস্থাৰ বিষয়ে ৰাইজে অৱগত কৰে যদিও পথটো নিৰ্মাণৰ বাবে চৰকাৰে কোনো ব্যৱস্থা নল’লে। আনকি পথটো মেৰামতিৰ বাবে স্থানীয় ৰাইজৰ সহযোগত ছাত্র-ছাত্রীসকলে প্রতিবাদো সাব্যস্ত কৰে যদিও চৰকাৰৰ গা নলৰিল।

একেদৰে ঘগ্ৰাপাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৮ নম্বৰ শিলপোতাবড়ী লতিমাগাঁও পঞ্চায়তৰ চেনিকুছি গাঁৱৰ থানুবাম প্রাথমিক বিদ্যালয় সংযোগী গুৰুত্বপূর্ণ পথটোও বিধ্বস্ত হৈ পৰিছে। যোৱা দুদিনৰ বৰষুণত এই পথ পানীৰে উপচি পৰি যাতায়াতত ৰাইজক যমৰ যাতনা ভোগাইছে। চত্রা-সন্ধা লোকনির্মাণ বিভাগৰ পথৰ পৰা থানুৰাম প্রাথমিক বিদ্যালয়ৰ কাষৰে গৈ বৰচেনিকুছি সংযোগী প্রায় ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱা যোৱা বছৰ বাৰিষা স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি শিল-বালি কিনি আনি ছটিয়াই যাতায়াতৰ সুচল কৰি তোলে। ইয়াৰ বিপৰীতে চৰকাৰে পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰম অনীহা প্ৰদৰ্শন কৰি আহিছে।

একেদৰে বৰক্ষেত্ৰী বিধানসভা সমষ্টি আৰু পূৰ্বৰ নলবাৰী বিধানসভা সমষ্টিৰ অন্তর্গত কঞা-বাহাৰঘাট গড়কাপ্টানী পথৰ পূৰ্ণদৈচপৰা (লহকৰপাৰা) গাঁৱৰ তৰুণ লহকৰ আৰু ভবেশ লহকৰৰ পদূলিৰ পৰা দ্বীজেন লহকৰ আৰু ৰাজেন লহকৰৰ পদূলি হৈ ৰঙিয়া সমষ্টি বৰপুল্লা সংযোগী পথটোৰ অৱস্থাও জৰাজীৰ্ণ হৈ পৰিছে। এনে অৱস্থাৰে এই পথৰে নিতৌ অগণন লোকে অহা-যোৱা কৰে।

‘ গৌৰৱ পথ’ত নিশা হ’লে আন্ধাৰত মনিব নোৱাৰা হয় বিজেপি চৰকাৰৰ উন্নয়ন-বিকাশ

উদ্বোধনৰ ছমাহ নৌহওঁতেই সকলো স্ট্রীটলাইট বিকল হ’ল মৰিগাঁৱৰ গৌৰৱ পথ আখ্যা দিয়া মৰিগাঁও-জাগীৰোড সংযোগী ৰাজ্যিক ঘাইপথৰ পৰা মৰিগাঁৱৰ জিলা আয়ুক্ত কার্যালয় সংযোগী পথৰ। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ নগৰীয়া পকীপথ নির্মাণ আঁচনিৰ অধীনত ২০২৩-২৪ বিত্তীয় বর্ষত ২.১১ কোটি টকা ব্যয় সাপেক্ষে উক্ত পথ পুনৰ নিৰ্মাণ আৰু সম্প্ৰসাৰণৰ কাম প্রেম নাহাতা নামৰ এজন বহিৰাগত ঠিকাদাৰে কৰে।

লোকনির্মাণ (পথ) বিভাগৰ মৰিগাঁও সংমণ্ডলৰ অধীনত নিৰ্মাণ কৰা এই পথ ২০২৫ৰ অক্টোবৰত মুকলি কৰা হয়। উক্ত গৌৰৱ পথ জিলিকাই তুলিবলৈ পথত ৩৪ টা স্ট্রীটলাইট স্থাপন কৰা হয় যদিও পথ মুকলিৰ ছমাহ নৌহওঁতেই সকলো স্ট্রীটলাইট বিকল হৈ পৰে। ফলত নিশা হ’লেই পথটোৰ বিজেপি চৰকাৰৰ উন্নয়ন আৰু বিকাশ চকুৰে মনিব নোৱাৰা হয় বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে। আনহাতে, বিকল হোৱা স্ট্রীটলাইটবোৰ ঠিকাদাৰ নাহাতাই খুলি লৈ যায়।

বৰছলাত দুবছৰ ধৰি নিৰ্মাণ চলি আছে এটা পথৰ : ৰাইজৰ প্ৰতিবাদ

দুবছৰ ধৰি নিৰ্মাণ কৰি থকাৰ পাছতো সম্পূর্ণ নহ’ল বিজেপি বিধায়ক গণেশ লিম্বুৰ গৃহ সমষ্টি বৰছলাৰ এটা পথ। সমষ্টিটোৰ কাৱৈমাৰীৰ পৰা এক নম্বৰ বৰপুখুৰী সংযোগী এই পথ ঠিকাদাৰে শামুকীয়া গতিৰে নিৰ্মাণ কৰি থকাৰ প্ৰতিবাদ জনাই ৰাইজ কালি ৰাজপথলৈ ওলাই আহে। বিষয়টো সম্পৰ্কত ৰাইজে স্থানীয় বিধায়ক লিম্বুৰ নির্লিপ্ততাকো গৰিহণা দি প্রতিবাদ সাব্যস্ত কৰে। ৰাইজৰ আকাংক্ষা হ’ল যে আগন্তুক বাৰিষাৰ পূৰ্বে পথটোৰ নিৰ্মাণ সম্পূর্ণ নহ’লে ৰাইজে বাৰিষাৰ যাতায়াতত জীয়াতু ভুগিব লাগিব।

দলগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ বিভাজকে যমৰ যাতনা ভোগাইছে ৰাইজক

দৰঙৰ দলগাঁও নগৰৰ মাজমজিয়াত অৱস্থিত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশত নিৰ্মাণ কৰা এটা পথ বিভাজক (ডিভাইদাৰ)-এ ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। বিশেষকৈ দূৰণিবটীয়া যানবাহনৰ চলাচলত এই পথ বিভাজকে প্রচণ্ড সমস্যাৰ সৃষ্টি কৰিছে। পূর্বে এই স্থানত পুলিচ পইন্ট আছিল। তেতিয়া কোনো অসুবিধা নোহোৱাকৈ যানবাহনসমূহে চলাচল কৰিব পাৰিছিল। কিছু বছৰ পূৰ্বে ঘাইপথ বহলীকৰণৰ ফলত পথৰ মাজত বিভাজক স্থাপন কৰাত গুৱাহাটীৰ দিশৰ পৰা অহা যানবাহনসমূহে তেজপুৰলৈ যাবলগীয়া হ’লে পোনে পোনে যাত্ৰা কৰাৰ পৰিৱৰ্তে এশ মিটাৰমান উত্তৰ দিশে গৈ পাক ল’বলগীয়া হয়।

ফলত ইয়ে যানবাহনৰ চলাচলৰ ক্ষেত্ৰত জটিল সমস্যাৰ সৃষ্টি হৈছে। উল্লেখ্য যে দলগাঁৱৰ পৰা কৌপাটী, বৰছলা, ঢেকিয়াজুলিলৈ নির্মিত অসম মালা আঁচনিৰ নতুন পথটোৰে দৈনিক হেজাৰ হেজাৰ যানবাহন চলাচল কৰে। বিশেষকৈ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে যোৱা যানবাহনসমূহে দৈনিক দলগাঁও চাৰিআলিত এনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। আনহাতে, চৰকাৰে অসম মালা আঁচনিৰ পথ পোনে পোনে আজিলৈ ঘাইপথৰ স’তে কিয় সংযোগ কৰিব নোৱাৰিলে তাক লৈয়ো প্রশ্ন উত্থাপন হৈছে।

গোলাঘাটৰ আদৰ্শ গাঁৱৰে বাট-পথৰ দুৰৱস্থা

গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত আদর্শ গাঁৱৰ গমাৰি পঞ্চায়তৰ বাট-পথসমূহ উন্নয়নৰ অভাৱত ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে। পাঁচশ ঘৰতকৈ অধিক জনবসতি থকা বৃহৎ গাঁওখনৰ দুটা ৱাৰ্ড আৰু গমাৰিগুৰিৰ একাংশ অঞ্চল সামৰি গঠন হোৱা আদর্শ গমাৰি পঞ্চায়তৰ এই বাট-পথসমূহলৈ বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ চকু নপৰিল। ফলত ৰাইজে বিধ্বস্ত পথেৰে অহা-যোৱা কৰি জীয়াতু ভুগিবলগীয়া হৈছে।

উল্লেখ্য যে ১৯৬৮-৭০ত অবিভক্ত শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা ঘিলাধাৰী মক্রং চাহ বাগিচা অতিক্রম কৰি তেতিয়াৰ দৈয়াং বনাঞ্চলত হাবি ভাঙি তাত ৰাইজে বসবাস কৰিবলৈ লয়। এই গাঁৱৰে পথসমূহ সম্প্রতি মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰিছে। ইয়াৰে উত্তৰ দিশৰ আদৰ্শ ৰংগমঞ্চ বিদ্যালয়ৰ পৰা ঘিলাধাৰী চাহ বাগিচালৈ পথটো বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত পকী কৰা হয় যদিও দক্ষিণ দিশৰ পথটোৰ উন্নয়নৰ পদক্ষেপ বিজেপি চৰকাৰে গ্ৰহণ নকৰিলে।

তদুপৰি মেৰাদল-গজলা নামঘৰ সংযোগী, আদর্শ তিনিআলি-মত্ৰুং বৰচাপৰি সংযোগী, আদর্শ ৰংগমঞ্চ-সন্দিকৈ চুক ঘিলাধাৰী বাগান সংযোগী আদি গাঁওখনৰ অন্যান্য মূল আৰু অত্যাবশ্যকীয় পথসমূহ বর্তমান তেনেই বিধ্বস্ত হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে। ইয়াৰ মাজতে বাঘেধৰা ধনশ্ৰীৰাম তিনিআলি-পূব উজনি নামঘৰ হৈ মক্ৰং সংযোগী পথটো শিল-বালি দি কিছু উন্নয়ন কৰিলে যদিও বাকী পথসমূহ বর্তমানে বিধ্বস্ত হৈ ৰ’ল। ইয়াৰ লগে লগে স্পষ্ট হৈছে যে ডাবল ইঞ্জিন চৰকাৰে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনিৰ প্ৰতি সম্পূর্ণ পিঠি দিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJP
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d