বিয়াত ৰসগোল্লা খাই শ্বাসৰুদ্ধ হৈ মৃত্যু !

rosogolla cover 1

এখন বিয়াৰ আনন্দময় অনুষ্ঠান মুহূর্ততে শোকত পৰিণত হ’ল। খাদ্য খোৱাৰ সময়ত ৰসগোল্লা খাই হঠাতে শ্বাস ল’ব নোৱাৰি এজন ব্যক্তিৰ মৃত্যু হোৱাৰ মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে।

ঘটনাটো সংঘটিত হৈছে জামশেদপুৰ(Jamshedpur)ৰ ওচৰৰ এখন গাঁৱত। তথ্য অনুসৰি, ৪১ বছৰীয়া ললিত সিং(Lalit Singh)নামৰ ব্যক্তিজনে এখন বিয়া অনুষ্ঠানত উপস্থিত আছিল। বিয়াৰ ভোজ চলি থকাৰ সময়তে তেওঁ ৰসগোল্লা খাইছিল।

কিন্তু ৰসগোল্লাটো হঠাতে তেওঁৰ ডিঙিত লাগি ধৰে। ঘটনাস্থলীত উপস্থিত লোকসকলে তৎক্ষণাৎ তেওঁক সহায় কৰিবলৈ চেষ্টা কৰে আৰু ডিঙিৰ পৰা ৰসগোল্লা উলিয়াবলৈ চেষ্টা চলায় যদিও সফল নহয়। কিছুক্ষণৰ ভিতৰতে তেওঁ শ্বাস ল’ব নোৱাৰা অৱস্থাত পৰে।

তাৰ পাছত তেওঁক তৎক্ষণাৎ চিকিৎসাৰ বাবে এম জি এম হস্পিটেল(MGM Hospitali)লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকসকলে পৰীক্ষাৰ পাছত তেওঁক মৃত ঘোষণা কৰে।

চিকিৎসকৰ মতে ৰসগোল্লাটো শ্বাসনালীত আৱদ্ধ হৈ যোৱাৰ ফলতেই অক্সিজেনৰ যোগান বন্ধ হৈ যায় আৰু তাৰ ফলতেই এই মৰ্মান্তিক মৃত্যুৰ ঘটনা ঘটে।

ঘটনাটোৰ পিছতেই বিয়াৰ অনুষ্ঠানত উপস্থিত লোকসকলৰ মাজত আতংক আৰু শোকৰ পৰিৱেশ সৃষ্টি হয়। যি অনুষ্ঠানত আনন্দ আৰু উদযাপনৰ পৰিৱেশ আছিল, সেয়া মুহূর্ততে শোকত পৰিণত হয়।

চিকিৎসকসকলে জনাইছে যে খোৱাৰ সময়ত লৰালৰি কৰা বা হাঁহি-ধেমালি কৰাৰ ফলত কেতিয়াবা খাদ্য শ্বাসনালীত লাগি যাব পাৰে। সেইবাবে খোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ সকলোকে পৰামৰ্শ দিছে।

Exit mobile version