Men In Their 50s May Age Faster Due To ‘Forever Chemicals’:✒️জীৱনৰ ৫০ বছৰ পূৰ্ণ কৰাৰ পাছত নাৰীৰ তুলনাত পুৰুষসকলৰ দ্রুত বার্ধক্যপ্রাপ্তি ঘটে। একাংশ চিকিৎসা বিজ্ঞানীয়ে ইয়াৰ কাৰণ ব্যাখ্যা কৰি কৈছে যে নাৰী-পুৰুষৰ মাজৰ এই পার্থক্যৰ কাৰণ হৈছে ‘ফৰএভাৰ কেমিকেলছ’ নামৰ কেতবোৰ ৰাসায়নিক দ্রব্যৰ প্রভাৱ।
এনে বাসায়নিক দ্রব্যক চিকিৎসা বিজ্ঞানীসকলে বিষাক্ত আখ্যা দিছে। এই দ্রব্যসমূহে ৫০ ঊর্ধ্বৰ পুৰুষসকলৰ শৰীৰত বেয়া প্রভাব পেলায়। দৰাচলতে বৈজ্ঞানিক ভাষাত এই বিষাক্ত ৰাসায়নিক দ্রব্যসমূহৰ নাম হৈছে পলিফ্ৰৰ’এলকাইল। সংশ্লেষিত দ্রব্যরূপে এই ৰাসায়নিক দ্রব্যসমূহ বিগত কে’বা দশক ধবি ব্যবহৃত হৈ আহিছে। এনে দ্রব্যসমূহ পেকেট খাদ্যৰ টোপোলা, জুই নুমাবলৈ ব্যৱহাৰ কৰা ফেন, পানী নোসোমোৱা বস্ত্ৰ আদিত ব্যৱহাৰ কৰা হয়।
শেহতীয়া গৱেষণাত পোহৰলৈ অহা অনুসৰি এই দ্রব্যসমূহে জীৱনৰ শেষ বছৰকেইটাত পুৰুষসকলৰ শৰীৰত অধিক বেয়া প্রভাৱ পেলায়। এই তথ্য পোহৰলৈ আনিছে ছাংহাই জিয়াও টং বিশ্ববিদ্যালয়ৰ গবেষকসকলে। গৱেষকসকলৰ মতে এই দ্রব্যসমূহে পানী, তেল, তাপ আদি প্রতিহত কৰিব পৰাৰ কাৰণ হৈছে এই দ্রব্যসমূহৰ শক্তিশালী কার্বন-ফ্ল’বিনৰ বান্ধোন থাকে। ইয়ে এই দ্রব্যসমূহ অধিক দিন সক্রিয় কবি ৰাখে। আনকি এই দ্রব্যসমূহ পৰিৱেশৰ স’তে মিলি যাবলৈ লক্ষ বছৰৰ প্রয়োজন।
গতিকে এনে দ্রব্য পৰিৱেশ আৰু মানুহৰ শৰীৰত জমা হ’ব পাৰে। গতিকে এনে দ্রব্যই মেদবহুলতা, উচ্চ কলেস্টৰেল, আনকি কর্কটৰ দৰে ৰোগো সৃষ্টি কৰিব পাৰে। এই তথ্য পোহৰলৈ আনিবলৈ বিশ্ববিদ্যালয়খনৰ গবেষকসকলে ৫০ৰ পৰা ৭৯ বছৰৰ ভিতৰৰ ৩২৬ জন মার্কিন নাগৰিকৰ পৰা সংগ্রহ কৰা তেজব নমুনা বিশ্লেষণ কৰে।তেওঁলোকে এই তথ্য সংগ্ৰহৰ কাম ১৯৯৯ৰ পৰা ২০০০ৰ ভিতৰত সম্পন্ন কৰে।
এই তথ্য বিশ্লেষণৰ সময়ত গৱেষকসকলে তেজৰ নমুনাত এই ফৰএভাৰ কেমিকেলছৰ ১২ টা প্ৰকৃতিৰ দ্রব্য উদ্ধাৰ কৰে। ইয়াৰ জৰিয়তে তেওঁলোক এই সিদ্ধান্তত উপনীত হৈছে যে ফৰএভাৰ কেমিকেলছে ৫০ ঊর্ধ্বৰ পুৰুষসকলৰ বাৰ্ধক্যপ্রাপ্তি দ্রুত কবি তোলে।
গতিকে তেওঁলোকে এনে বয়সব ব্যক্তিসকল ফৰত্ৰভাৰ কেমিকেলছৰ বিয়োগ ক্ৰিয়াৰ ক্ষেত্রত অধিক স্পর্শকাতবরূপে চিহ্নিত কৰিছে। ইয়াৰ কাৰণ হৈছে এনে বয়সত মানুহৰ শৰীৰৰ শক্তি, সামর্থ্য আদি হ্রাস পাবলৈ ধৰে। সাধাৰণতে ৬৫ বছৰৰ ঊর্ধ্বত শৰীৰৰ বল-শক্তি পূৰ্বৰ তুলনাত কমিবলৈ ধৰে।
ফৰএভাৰ কেমিকেলছৰ পৰা কেনেদবে ৰক্ষা পাব পাৰি?
পৰিশ্ৰাৰিত পানী: নিতৌ পৰিশ্ৰাৰিত বা ফিল্টাৰ কৰা পানী খোৱাৰ অভ্যাস গঢ়ি তুলিব।
বাচন-বর্তন: খাদ্য গ্রহণ কৰা পাত্র স্টেইনলেছ ষ্টীল, কাষ্ট আইৰণ, চীনা মাটি আদি তৈয়াৰী হোৱাটো নিশ্চিত কৰিব।
টোপোলাত পোৱা খাদ্য পৰিহাৰ কৰক: টোপোলাত পোৱা ৰন্ধন খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিব।
পানী সোমাব নোৱাৰা কাপোৰ নিপিন্ধিব: পানী সোমাব নোৱাৰা কাপোৰ পৰিধানৰ অভ্যাস ত্যাগ কৰিব। একেদৰে এনে প্রসাধন সামগ্রীও ব্যৱহাৰ নকৰিব।
খাদ্য আইনাৰ পাত্ৰত জমা ৰাখিব ৰন্ধন খাদ্য কেতিয়াও প্লাষ্টিকৰ পাত্ৰত মজুত নাৰাখিব। ইয়াৰ পৰিৱৰ্তে আইনাৰে তৈয়াৰী পাত্ৰত খাদ্যৰ ৰাহি অংশ জমা ৰাখিব।
