Election Commission Notice:
দেশৰ নিৰ্বাচন আয়োগে দেওবাৰে অসম সহ পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে সোমবাৰৰ পৰা বলবৎ হ’ল নিৰ্বাচন আচৰণবিধি ৷ একেদৰে আৰক্ষী আৰু সাধাৰণ প্ৰশাসনৰ সকলো কতৃত্ব লাভ কৰিলে নিৰ্বাচন আয়োগে ৷ সেই অনুসৰি সোমবাৰে নির্বাচন আয়োগে বদলি কৰিলে ৰাজ্যৰ পাঁচ আইপিএছ বিষয়াক ৷ সেই অনুসৰি আৰ শীতল কুমাৰক দক্ষিণ শালমৰাৰ এছএছপিৰ দায়িত্ব দিয়াৰ বিপৰীতে সোমালিন শুভদর্শনীক মাজুলীৰ এছএছপি হিচাপে বদলি ৷
আনহাতে আনছল চৌহানক শদিয়াৰ এছএছপিৰৰ দায়িত্ব ৷ সুধাকৰসিঙক চিৰাঙৰ এছএছপিৰ দায়িত্ব দিয়াৰ বিপৰীতে মোহন লাল মিনাক ধেমাজিৰ এছএছপি ৰূপে বদলি ৷ উল্লেখ্য যে নির্বাচন আয়োগৰ নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হয় যে মঙলবাৰে পুৱা ১১ বজাৰ ভিতৰত নিজ পদবীত যোগ দিব লাগিব দায়িত্বপ্ৰাপ্ত এছএছ পি কেই গৰাকীয়ে ৷
ইপিনে,নির্বাচনী কামত ৰাজ্যৰ ৫ গৰাকী এছএছপিক দায়িত্ব দিয়াত বাধাৰোপ কৰি কঠোৰ নিৰ্দেশনা জাৰি কৰিছে নির্বাচন আয়োগে ৷ এছএছপি কেই গৰাকী হ’ল চিৰাঙৰ এছএছপি ধ্ৰুৱ বৰা,মাজুলীৰ এছএছপি হৰেণ টকবি,শদিয়ার এছএছপি জগদীশ দাস,দক্ষিণ শালমৰাৰএছএছপি মৃণাল ডেকা আৰু ধেমাজিৰ এছএছপি স্বপ্ননীল ডেকা ।
