AIUDF Candidate List Announced:
মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে দ্বিতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে ৷ ১২ টা সমষ্টিৰ বাবে ঘোষিত প্ৰাৰ্থীৰ তালিকাত স্থান লাভ দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ৷ আজমলে পুনৰ গৃহ সমষ্টি বিন্নাকান্দিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷
আন এঘাৰ সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰা সকলৰ ভিতৰত আছে গোৱালপাৰা (পূব)ত হাফিজ বচিৰ আহমেদ, ধুবুৰী সমষ্টিত নজৰুল হক,দলগাঁৱত মজিবুৰ ৰহমান,চেঙাত আশ্রাফুল হুছেইন,চামগুৰিত আব্দুল আজিজ,দক্ষিণ কৰিমগঞ্জ ছিহাব উদ্দিন,ছমৰীয়াত ইমদাদ হুছেইন,গোলকগঞ্জত জামশেৰ তালুকদাৰ,বিজনত মুছুখা বসুমতাৰী,ৰহাত মুকুট দাস আৰু ৰামকৃষ্ণ নগৰত ড: অৰূপ কুমাৰ দাস তালুকদাৰ ৷ উল্লেখ্য যে তালিকাত স্থান লাভ কৰা অধিকাংশই পুনৰ নিজ নিজ সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰিছে ৷