AJP Candidate List Announced:কংগ্ৰেছৰ মিত্ৰদল অসম জাতীয় পৰিষদৰ প্ৰথম প্ৰাৰ্থী তালিকা প্ৰকাশ

খোৱাঙত অজাপৰ প্ৰাৰ্থী হ'ব লুৰীণজ্যোতি গগৈ, বঢ়মপুৰত ৰাজেন গোহাঁইক প্রার্থিত্ব প্রদান

WhatsApp Image 2026 03 17 at 4.02.54 PM

AJP Candidate List Announced:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স: কংগ্ৰেছৰ নেতৃত্বত গঠন কৰা বিৰোধী মৰ্চাৰ চিপিএম,এপিএইছএলচিয়ে সোমবাৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত মঙলবাৰে অসম জাতীয় পৰিষদেও প্ৰাৰ্থী তালিকা ঘোষণা কৰে ৷ মহানগৰীৰ অজাপৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত তালিকা খন ঘোষণা কৰে লুৰিণজ্যোতি গগৈয়ে  I ৷সংবাদমেলত অজাপৰ কাৰ্যকৰী সভাপতি ৰাজেন গোঁহাই,সাধাৰণ সম্পাদক জগদীশ ভূঞাও উপস্থিত থাকে ৷

আঠজনীয়া তালিকাত স্থান লাভ কৰা সকলৰ ভিতৰত আছে দলটোৰ মুৰব্বী লুৰিণজ্যোতি গগৈ ৷ গগৈয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব খোৱাঙৰ পৰা ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা দলটোৰ কাৰ্যকৰী সভাপতি ৰাজেন গোঁহাইত প্ৰাৰ্থীত্ব দিয়া হৈছে নগাঁও জিলাৰ বঢ়মপুৰত ৷

প্ৰাৰ্থীত্ব লাভ কৰা আন আন প্ৰাৰ্থী সকল হ’ল ডিব্ৰুগড়ত মৈনাক পাত্ৰ,পলাশবাৰীত পংকজ লোচন গোস্বামী,বজালীত দিলীপ বৰুৱা ,সৰুপথাৰত জীৱন চুতীয়াক,বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰীক I

Exit mobile version