Assam State Election Commission press conference in Janata bhawan: জনতা ভৱনত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল

সংবাদমেলত উপস্থিত মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেল, আইজিপি অখিলেশ কুমাৰ সিঙ

WhatsApp Image 2026 03 17 at 4.15.19 PM

Assam State Election Commission press conference in Janata bhawan:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স: দেওবাৰে দেশৰ নিৰ্বাচনী আয়োগে অসম সহ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে সোমবাৰে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ লগে লগে বলবৎ হয় নিৰ্বাচন আচৰণ বিধি ৷

বিধানসভা নির্বাচন সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগে মঙলবাৰে দিছপুৰস্থিত জনতা ভৱনত আয়োজন কৰা এক সংবাদমেলত অসমৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেল আৰু আইজিপি অখিলেশ কুমাৰ সিঙে কয় যে,ভোটগ্রহণৰ সময়ত ৰাজ্যত নিৰাপত্তা ব্যৱস্থাত সর্বাধিক গুৰুত্ব দিয়া হ’ব ৷ যাৰবাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২০০টা কোম্পানী নিৰ্বাচনৰ বাবে নিয়োগ কৰা হ’ব ৷ আনহাতে নিৰ্বাচনৰ সময়ত অনুজ্ঞাপত্র থকা লোকেও লগত মাৰণাস্ত্ৰ ৰখাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷

সংবাদমেলত মুখ্য নির্বাচনী বিষয়া গৰাকীয়ে আৰু কয় যে, ভোট গ্ৰহণৰ সময়ছোৱাত ফ্লাইং স্কোৱার্ডে ভোটকেন্দ্ৰ সমূহৰ ওপৰত কঠোৰ দৃষ্টি নিক্ষেপ কৰিব ৷ একেদৰে সামাজিক মাধ্যমৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিব ৰাজ্যিক নির্বাচন আয়োগে ৷ তদুপৰি
ৰাজনৈতিক দল সমূহে ইলেকট্রনিক মাধ্যমত বিজ্ঞাপনৰ বাবে আগতীয়াকৈ ল’ব লাগিব অনুমতি৷ প্ৰাৰ্থী সকলে ৭ এপ্রিলৰ সন্ধিয়া ৫ বজালৈকে প্ৰচাৰ চলাব পাৰিব ৷

মুখ্য নির্বাচনী বিষয়া গৰাকীয়ে প্ৰাৰ্থী সকলে মনোনয়নপত্ৰ লোৱাৰ ক্ষেত্ৰত কয় যে,মঙলবাৰৰ পৰাই প্ৰাৰ্থীয়ে সংগ্ৰহ কৰিব পাৰিব মনোনয়ন পত্র ৷২৩ মার্চলৈকে মনোনয়ন পত্ৰ সংগ্ৰহৰ শেষ সময়সীমা ধাৰ্য কৰা হৈছে ৷

Exit mobile version