Income tax Dept:সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ক’লা ধনৰ ব্যৱহাৰ বন্ধ কৰিবলৈ আয়কৰ বিভাগৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন

WhatsApp Image 2026 03 17 at 5.09.15 PM

Income tax Dept:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স: ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন দেওবাৰে ঘোষণা কৰাৰ পিছত সোমবাৰৰ পৰাই বলবৎ হ’ল নিৰ্বাচন আচৰণ বিধি ৷ নিৰ্বাচনত ক’লা ধনৰ ব্যৱহাৰ বন্ধ কৰিবলৈ আয়কৰ বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ছোৱাত আয়কৰ সঞ্চালকালয় (অনুসন্ধান), উত্তৰ-পূব সংমণ্ডল গুৱাহাটীয়ে ৰাজ্যখনৰ ভিতৰত নিৰ্বাচনী উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰাৰ সম্ভাৱনা বা সন্দেহ কৰা হিচাপবিহীন নগদ ধন, সোণ-ৰূপ, মূল্যৱান ধাতু আৰু অন্যান্য মূল্যৱান সামগ্ৰীৰ সৰবৰাহত কঠোৰ নিৰীক্ষণ অব্যাহত ৰাখিব। এই পদক্ষেপসমূহৰ অংশ হিচাপে নিম্নলিখিত ঠিকনাত এটা ২৪×৭ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে ৷ কোঠা নং-৫০৫, পঞ্চম মহলা,আয়কৰ ভৱন, খ্ৰীষ্টান বস্তি, জি এছ ৰোড, গুৱাহাটী৷

নিৰ্বাচনৰ সংক্ৰান্তত নগদ ধন, সোণ-ৰূপ, মূল্যৱান ধাতু বা অন্যান্য মূল্যৱান সামগ্ৰীৰ সন্দেহজনক চলাচল বা বিতৰণ সম্পৰ্কে বিশ্বাসযোগ্য তথ্য অৱগত কৰাবলৈ জনসাধাৰণৰ বাবে নিম্নলিখিত যোগাযোগ মাধ্যমসমূহ কাৰ্যকৰী কৰা হৈছে ৷ মোবাইল নম্বৰ/হোৱাটছএপ ১ : ৯৪০১০-৮৫২১৪,মোবাইল নম্বৰ/হোৱাটছএপ ২ : ৯১৮১৩-২৪১৮৪ আৰু লেণ্ডলাইন নম্বৰ : ০৩৬১-২৩৪০৩৯৬,ইমেইল assamelections26[at]gmail[dot]com

আনহাতে আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ছোৱাত যিকোনো নাগৰিকে যিকোনো সময়তে ওপৰত উল্লেখ কৰা ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। তথ্যদাতাসকলে নাম বা পৰিচয়ৰ দৰে ব্যক্তিগত বিৱৰণ প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। অৱশ্যে শ্বেয়াৰ কৰা তথ্যবোৰ বিশ্বাসযোগ্য আৰু কাৰ্য্যব্যৱস্থা ল’ব পৰা হোৱাটো প্ৰয়োজনীয়।

নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে নিয়ন্ত্ৰণ কক্ষটো কাৰ্যকৰী হৈ থাকিব। গণতান্ত্ৰিক মূল্যবোধ শক্তিশালী কৰা আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ মনোভাৱেৰে নাগৰিকসকলক সঞ্চালকালয়ৰ সৈতে প্ৰাসংগিক তথ্য শ্বেয়াৰ কৰি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয় ৷ একেদৰে তথ্যদাতাসকলৰ পৰিচয় গোপনীয়ভাৱে ৰখা হ’ব।

Exit mobile version