UPPL Candidate List Announced:এনডিএলৈ অপেক্ষা নকৰি ইউপিপিএলৰ সাতজনীয়া প্ৰথমখন তালিকা প্রকাশ

তালিকাত স্থান লাভ ৰাজ্যসভালৈ সদ্যনিৰ্বাচিত দলৰ সভাপতি প্রমোদ বড়ো, আবছু প্ৰাক্তন সভাপতি দ্বীপেন বড়োৱে প্রতিদ্বন্দ্বিতা কৰিব ওদালগুৰিত

WhatsApp Image 2026 03 17 at 1.49.11 PM

UPPL Candidate List Announced:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:সকলো জল্পনা -কল্পনাৰ অন্ত পেলাইএককভারে বিধানসভা নির্বাচনত অবর্তীর্ণ হোৱা ইউপিপিএলে সোমবাৰে সন্ধিয়া ঘোষণা কৰা প্রথমখন প্রার্থী তালিকা লক্ষ্যণীয় হৈ পৰিছে। সাতজনীয়া এই তালিকাত স্থান লাভ কৰা সকলৰ ভিতৰত আছে ৰাজ্যসভালৈ সদ্যনিৰ্বাচিত দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুৰব্বী প্রমোদ বড়োও।

তদুপৰি এই তালিকাত বৰ্তমানৰ এজন বিধায়কেও স্থান লাভ কৰিছে। নিখিল বড়ো ছাত্র সন্থাৰ সদ্য বিদায়ী সভাপতি দ্বীপেন বড়োৰ নামো ইয়াত অন্তর্ভুক্ত হৈছে। তালিকাত স্থান লাভ কৰিছে নতুন মুখেও। কোকৰাঝাৰস্থিত দলৰ মুখ্য কার্যালয়ত সোমবাৰে এক সংবাদমেলত ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে সদৰী কৰা অনুসৰি, প্রমোদ বড়োৱে তামুলপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে দ্বীপেন বড়োৱে প্রতিদ্বন্দ্বিতা কৰিব ওদালগুৰি সমষ্টিত। বিধায়ক লৰেন্স ইছলাৰীয়ে এইবাৰো কোকৰাঝাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাত নামিব। প্রাক্তন বিধায়ক কমলসিং নাৰ্জাৰী প্রার্থী হ’ব বিজনী সমষ্টিত। বিধান পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ নীৰসীন বড়ো ভেৰগাঁৱৰ প্রার্থী হ’ব।

গোসাঁইগাঁৱত প্রার্থীৰূপে প্রক্ষেপ কৰা হৈছে অনিন্দ বসুমতাৰীক। ইপিনে, ৰাজু কুমাৰ নাৰ্জাৰীয়ে প্রতিদ্বন্দ্বিতা কৰিব দোতমা সমষ্টিত। সংবাদমেলত নাৰ্জাৰীয়ে কয় যে নির্বাচনত তেওঁলোকক যি দলেই সহায় কৰিব, সেই দলকে আদৰি ল’ব। উল্লেখ্য যে ইউপিপিএল এনডিএত থাকিব নে নাই আজি সিদ্ধান্ত সদৰী কৰা হ’ব বুলি নাৰ্জাৰীয়ে কালি ঘোষণা কৰিছিল। আজি সেই সন্দর্ভত কোনো কথা প্রকাশ নকৰিলে। প্ৰথমখন প্রার্থী তালিকা ঘোষণাৰ পাছতে দলটোৰ কাৰ্যালয়ত যথেষ্ট আনন্দ-উল্লাসো প্ৰদৰ্শন কৰা হয়।

Exit mobile version