এল পি জি চিলিণ্ডাৰৰ ক’লা বিপণন ৰোধৰ বাবে কেন্দ্ৰৰ নতুন কৌশল

পাইপ গেছৰ যোগান বৃদ্ধিৰ বাৰ্তা

1744023719 lpg

LPG Crisis:✒️মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ প্ৰভাৱ এতিয়া লাহে লাহে ভাৰতৰ দৈনন্দিন জীৱনতো অনুভৱ হোৱা আৰম্ভ হৈছে। বিশেষকৈ ৰান্ধনী গেছ অৰ্থাৎ LPG যোগানক লৈ মানুহৰ মাজত উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে ডাঙৰ আশ্বাস দিলে কেন্দ্ৰীয় চৰকাৰে।

চৰকাৰী সূত্ৰ অনুসৰি, বৰ্তমান পৰিস্থিতিত Strait of Hormuzৰ দৰে গুৰুত্বপূৰ্ণ সমুদ্ৰ পথত উত্তেজনা বৃদ্ধি পোৱাৰ ফলত তেল আৰু LPG পৰিবহণত কিছু চাপ সৃষ্টি হৈছে। এই পথটোৰ জৰিয়তেই ভাৰতলৈ বৃহৎ পৰিমাণৰ গেছ আহে।

তথাপিও চৰকাৰে স্পষ্টকৈ কৈছে—দেশত LPG যোগান সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণত আছে আৰু কোনো ডাঙৰ সংকটৰ আশংকা নাই। ইতিমধ্যে তেল বিপণন সংস্থাসমূহক সতৰ্ক কৰি দিয়া হৈছে আৰু যোগান শৃংখল বজাই ৰাখিবলৈ ২৪ ঘণ্টীয়া মনিটৰিং আৰম্ভ কৰা হৈছে।

সূত্ৰে জনোৱা মতে,গৃহস্থালীৰ গেছক অগ্ৰাধিকাৰ দিয়া হৈছে,ৰিফাইনাৰীসমূহক উৎপাদন বৃদ্ধি কৰিবলৈ কোৱা হৈছে,আৰু বিকল্প উৎসৰ পৰাও গেছ আমদানিৰ ব্যৱস্থা চলি আছে।

কিছুমান ঠাইত বাণিজ্যিক গেছত সামান্য সমস্যা দেখা দিলেও সাধাৰণ গ্ৰাহকৰ বাবে যোগান অব্যাহত থাকিব বুলি আশ্বাস দিছে কৰ্তৃপক্ষই।

বিশেষজ্ঞসকলৰ মতে, বিশ্ব ৰাজনৈতিক উত্তেজনাই কেনেদৰে সাধাৰণ মানুহৰ ৰান্ধনীঘৰত প্ৰভাৱ পেলাব পাৰে, এই ঘটনাই তাৰ স্পষ্ট উদাহৰণ। কিন্তু বৰ্তমানলৈকে পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি ধাৰণা কৰা হৈছে।

Exit mobile version