lily padding:✒️সাম্প্রতিক সময়ত চাকৰিৰ জগতলৈ দ্রুত পৰিৱৰ্তন আহিছে। বিশেষকৈ নতুন প্রজন্ম বা ‘জেন জি’ৰ কৰ্মচাৰীসকলৰ মাজত এক নতুন কেৰিয়াৰ দেখা গৈছে, যাৰ নাম ‘লিলি পেডিং’। সম্প্রতি কর্মক্ষেত্রত এই ‘লিলি পেডিং’ অতি আলোচিত বিষয় হৈ পৰিছে।
সহজভাবে ক’বলৈ হ’লে লিলি পেডিং হৈছে এনে এক কৌশল, য’ত কোনোৱে দীর্ঘদিন এটা চাকৰিতে আৱদ্ধ হৈ নাথাকি পৰিকল্পনা কৰি ইটো কামৰ পৰা সিটো কামলৈ গুচি যায়। কর্মচাৰীসকলে নতুন সুযোগৰ বাবে এটা কোম্পানীৰ পৰা আন এটা কোম্পানীলৈ যাবলৈ পছন্দ কৰে।
আগতে অধিকাংশ লোকেই ধাৰণা কৰিছিল যে একেটা প্রতিষ্ঠানত দীর্ঘদিন কাম কৰিলে লাহে লাহে পদোন্নতি পোৱা যায় আৰু কেৰিয়াৰো স্থিৰ হৈ থাকে। বহুতেই একেটা কোম্পানীতে ১০-১৫ বছৰ পৰ্যন্ত কাম কৰে; কিন্তু নতুন প্রজন্ম এই পুৰণি ধাৰণাৰ পৰা বহুখিনি আঁতৰি আহিছে।
তেওঁলোকে ধাৰণা কৰে যে একেটা স্থানতে দীর্ঘদিন থকাতকৈ বিভিন্ন প্রতিষ্ঠানত কাম কৰিলে দ্রুতগতিৰে নতুন অভিজ্ঞতা আৰু দক্ষতা অর্জন কৰিব পাৰি।
এই প্ৰৱণতাৰ অন্তৰালত কে’বাটাও ডাঙৰ কাৰণ আছে। প্রথমতে, এতিয়া চাকৰিৰ বজাৰ অতি দ্রুতগতিৰে সলনি হৈ আছে। প্রযুক্তি, ডিজিটে কাম তথা কৃত্রিম বুদ্ধিমত্তাৰ প্ৰভাৱ বৃদ্ধি পোৱাত বহুতেই ধাৰণা কৰে যে ভবিষ্যতে কামৰ ধৰণ আৰু সলনি হ’ব।
সেয়ে নতুন প্রজন্মই বিভিন্ন ধৰণৰ কাম শিকিব বিচাৰে। দ্বিতীয়তে, জেন-জি প্ৰজন্মৰ বাবে কেরল বেতনেই গুৰুত্বপূৰ্ণ নহয়। তেওঁলোকে ভাল কামৰ পৰিৱেশ, কাম আৰু জীৱনৰ ভাৰসাম্য তথা ব্যক্তিগত স্বাধীনতাকো অত্যন্ত গুৰুত্ব দিয়ে।
যদি কোনো চাকৰিতেই এইবোৰ নাপায়,তেনেহ’লে তেওঁলোকে সহজেই নতুন সুযোগ বিচাৰিবলৈ আৰম্ভ কৰে।
অৱশ্যে একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে যে লিলি পেডিঙৰো কেতবোৰ সমস্যা আছে। বৰ ঘনাই চাকৰি সলনি কৰিলে কোনো এটা ক্ষেত্রতেই গভীৰ অভিজ্ঞতা আহৰণ কৰাটো কঠিন হ’ব পাৰে। বহু কোম্পানীয়ে এনে কৰ্মচাৰী নিয়োগ কৰিব নিবিচাৰে, যি অতি কম সময়তে একাধিক চাকৰি সলনি কৰিছে।
অৱশ্যে বাস্তৱ কথাটো হৈছে নতুন প্রজন্ম নিজৰ কেৰিয়াৰক আগতকৈ বেছি সচেতন। তেওঁলোকে কেৱল স্থায়ী চাকৰি নহয়; বৰঞ্চ নতুন সুযোগ, শিকাৰ সুযোগ তথা নিজৰ উন্নতিৰ ফালেই অধিক দৃষ্টি দিয়ে।































