Guwahati:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ২১টা দিন থকা অৱস্থাত বিজেপিলৈ আগমন ঘটিছে কংগ্ৰেছৰ হাইপ্ৰফাইল নেতা। যাৰ ফলস্বৰূপে নিজৰ মন পচন্দ সমষ্টিত বিজেপিৰ টিকটক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পাঙি থকা সকলৰ আশাত চেঁচা পানী পকাৰ উপক্ৰম হৈছে । বিশেষকৈ শেহতীয়াকৈ বিজেপিত যোগদান কৰা ভূপেন বৰাক বিহপুৰীয়াত আৰু বুধবাৰে গেৰুৱা বসন পিন্ধা প্ৰদ্যুৎ বৰদলৈক গুৱাহাটী মহানগৰীৰ যিকোনো এটা সমষ্টিত টিকট দিয়াটো ফাইনেল হোৱাৰ পিছত থৰকাছুটি হেৰুৱাছে গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশি সকলৰ মাজত।
এনে প্ৰেক্ষাপটত নিউ গুৱাহাটীৰ পৰা বিজেপিৰ টিকট নোপোৱাটো নিশ্চিত হোৱাৰ পিছত দলত্যাগৰ বাবে সাজু হৈছে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা বিজেপিৰ জ্যেষ্ঠ নেতা শান্তনু ভৰালী ৷
আনকি ফেচবুকত আবেগিক পোষ্ট দি নিউ গুৱাহাটী সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে নির্বাচন খেলাৰ কথা উল্লেখ কৰে ভৰালীয়ে ৷ ভৰালীয়ে ফেচবুক পোষ্টত উল্লেখ কৰে যে ,–আমি স্বাধীন দেশৰ স্বাভিমানি অসমীয়া। এতিয়াওঁ শিলপুৰীত পিতাই বন্ধা ঘৰতে চূণ-তেল লগাই মনৰ শান্তিত আছোঁ।
আজি নিউ গুৱাহাটী বিধান সভা সমম্ভীৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্র আনিছোঁ। কিমান নেতাৰ আদেশ পালন কৰিম, এইবাৰ গুৱাহাটীৰ ৰাইজৰ কথা স্বাধীনহৈ শুনিম। ২১ তাৰিখ শনিবাৰে মনোনয়ন দাখিল কৰিম বুলি ভাবিছোঁ। গুৱাহাটীৰ চুকে-কোনে থকা মোৰ বন্ধু-বান্ধবী, চিনাকি-অচিনাকি সকলোৰে সহযোগ বিচাৰিছো।
অহংকাৰী, মেজাজি, গুন্ডা, অসভ্য আৰু যাত্রানাস্তি লোকৰ পৰা গুৱাহাটী খনক উদ্ধাৰ কৰিবলৈ মোৰ এই প্রচেষ্টা। আশাকৰো নিৰ্ভয় আৰু মুকলি মনৰে মোক সমৰ্থন কৰিব।
গুৱাহাটীৰ পূৰণা মানুহৰ স্বভিমান ৰক্ষা কৰি সুন্দৰ গুৱাহাটীখন ঘূৰাই আনিব লাগিব। মই গুৱাহাটীক ভাল পাওঁ, মৰম লাগে।































